ETV Bharat / state

উন্নয়নৰ সৈতে অপৰিচিত মহানগৰীৰ এটা পাহাৰীয়া অঞ্চল - হাজংবস্তি

গুৱাহাটী মহানগৰীৰ এটা পাহাৰীয়া অঞ্চল পূৱ শান্তি নগৰ হাজংবস্তি ৷ চাৰিওফালে ওখ পাহাৰে আৱৰি থকা হাজংবস্তিত আজিও নাই কোনো চৰকাৰী সুবিধা ৷ দিশপুৰৰ বৰমূৰীয়াই ঢুকি নোপোৱা এই অঞ্চলটোৰ উন্নয়ন সন্দৰ্ভত ইটিভি ভাৰতে সংগ্ৰহ কৰা এক প্ৰতিবেদন...

Guwahati Hajongbasti area story
উন্নয়নৰ সৈতে অপৰিচিত মহানগৰীৰ এটা পাহাৰীয়া অঞ্চল
author img

By

Published : Nov 2, 2020, 2:31 PM IST

গুৱাহাটী,2 নৱেম্বৰ : একবিংশ শতিকাত উন্নয়নে ঢুকি নোপোৱা গুৱাহাটী মহানগৰীৰ এটা বিশেষ অঞ্চল ৷ ৰাজধানী দিশপুৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ আৰু নাৰেংগী-নুনমাটিৰ মূল পথৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত পূৱ শান্তি নগৰ হাজংবস্তী অঞ্চলে আজিও পৰিচয় হোৱা নাই উন্নয়নৰ সৈতে ৷ দূৰত্ব হিচাপে দিশপুৰলৈ মাথো দহ কিলোমিটাৰহে যদিও উন্নয়ন তেওঁলোকৰ বাবে দুৰ্বোধ্য ৷ দিশপুৰৰ বৰমূৰীয়াই যেন ঢুকি নাপায় অঞ্চলবাসীক ৷

ভৌগোলিকভাৱে পাহাৰে আৱৰা হাজংবস্তি ৷ চাৰিওফালে ওখ পাহাৰে আৱৰি থকা এক সমতল অঞ্চল হাজংবস্তি ৷ অঞ্চলটোত বাস কৰে বিভিন্ন জাতি জনজাতি সম্প্ৰদায়ৰ প্ৰায় দুই শতাধিক লোক ৷ মূল পথৰ প্ৰায় দাঁতিকাষৰীয়া অথচ পাহাৰীয়া এই দুৰ্গম অঞ্চলটোত বাস কৰা লোকসকলে এতিয়ালৈকে দেখা নাই চৰকাৰৰ এখনো জনকল্যাণমূলক আঁচনি ৷ অথচ প্ৰতিবাৰৰ নিৰ্বাচনতেই তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰি নিৰ্বাচন কৰে একোজন জনতাৰ প্ৰতিনিধি ৷ নিৰ্বাচনৰ সময়ত তেওঁলোক হাজংবস্তীলৈ আহে ঠিকেই যদিও নিৰ্বাচনত জয়ী হোৱাৰ পাচত চৰকাৰী আঁচনিটো বাদেই জনপ্ৰতিনিধিৰ ছাঁটোকে নেদেখে তেওঁলোকে ৷

উন্নয়নৰ সৈতে অপৰিচিত মহানগৰীৰ এটা পাহাৰীয়া অঞ্চল

আজিৰ পৰা প্ৰায় 18 বছৰ পূৰ্বে এই হাজংবস্তি অঞ্চললৈ যোগান ধৰা হৈছিল বিজুলী ৷ চৰকাৰীভাৱে অঞ্চলটোলৈ বিজুলী যোগান ধৰিলে যদিও আজি পৰ্যন্ত অঞ্চলবাসীয়ে লাভ নকৰিলে এপিএল, বিপিএল কাৰ্ড অথবা আন কোনো চৰকাৰী আঁচনিৰ সুবিধা ৷ চৰকাৰী নেতা-আমোলাৰ মুখত তেওঁলোকে মাথো আঁচনিসমূহৰ নামহে শুনে ৷ অৱশ্যে আপাততঃ তেওঁলোক এইখন মহানগৰীৰ বাসিন্দা ৷

খোৱাপানীৰ উৎস হিচাপে হাজংবস্তিবাসীয়ে ব্যৱহাৰ কৰে এটা ৰাজহুৱা পুখুৰী ৷ পুখুৰীটোক কেন্দ্ৰ কৰি ইয়াৰ কাষতে খান্দি লোৱা হৈছে একাধিক উন্মুক্ত কুঁৱা ৷ কুঁৱাসমূহত বৈদ্যুতিক মটৰ সংযোগ কৰি অঞ্চলটোৰ বাসিন্দাসকলৰ ঘৰলৈ যোগান ধৰা হয় খোৱাপানী ৷ খৰালি কালত পুখুৰীটোৰ পানী শুকাই গ’লে পানীৰ সংকটতো ভুগিবলগীয়া হয় অঞ্চলবাসী ৷ আনহাতে শিক্ষাৰ ক্ষেত্ৰত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলে পাহাৰীয়া দুৰ্গম পথ অতিক্ৰম কৰি নাৰেংগী অথবা নুনমাটিলৈ যাবলগীয়াত পৰে ৷ কিয়নো অঞ্চলটোত আজিলৈকে স্থাপন নহ’ল এখনো শিক্ষা প্ৰতিষ্ঠান ৷

সন্মুখত 21ৰ বিধানসভা নিৰ্বাচন ৷ হাজংবস্তিবাসীয়ে পুনৰ আশা কৰিছে যে, তেওঁলোকৰ দৰদ বুজি পোৱা কোনো জনপ্ৰতিনিধিক তেওঁলোকে নিৰ্বাচিত কৰিব,যিয়ে তেওঁলোকৰ আশা-আকাংক্ষা পূৰণ কৰিব ৷

লগতে পঢ়ক : নিশা হঠাতে স্বাস্থ্যৰ অৱনতিঃ তৰুণ গগৈক পুনৰ হাস্পতালত ভৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.