ETV Bharat / state

থলুৱা গামোচাৰে বজাৰ দখলৰ লক্ষ্য মহানগৰীৰ অনংগ কুমাৰ নাথৰ - শিপিনী

বহিঃৰাজ্যৰ গামোচাই সম্প্ৰতি দখল কৰিছে অসমৰ বজাৰ ৷ সভা-সমিতি তথা কোনো সাংস্কৃতিক অনুষ্ঠানত সম্প্ৰতি থলুৱা গামোচাৰ পৰিৱৰ্তে বহিঃৰাজ্যত তৈয়াৰী গামোচাৰে সন্মান জনোৱা হয় ৷ ইয়াৰ ফলত হ্ৰাস পাব ধৰিছে অসমীয়া গামোচাৰ মান ৷

Indigenous gamochare market capture target
অসমীয়াৰ স্বাভিমানৰ থলুৱা গামোচা
author img

By

Published : Oct 25, 2021, 11:01 PM IST

গুৱাহাটী, ২৫ অক্টোবৰ : নিৱনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপনেৰে আত্মনিৰ্ভৰশীল কৰাৰ লগতে অসমীয়াৰ স্বাভিমানৰ থলুৱা গামোচাৰে বজাৰ দখল কৰাৰ লক্ষ্য কৰিছে মহানগৰীৰ এগৰাকী থলুৱা লোকে । সেই লোকজন হ'ল লখৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক অনংগ কুমাৰ নাথ । মহানগৰীৰ লখৰাৰ স্থানীয় বাসিন্দা অনংগ কুমাৰ নাথে নিজ ঘৰতে ইলাৰাণী বোৱা কটা আৰু প্ৰশিক্ষণ কেন্দ্ৰ ২০২০ চনৰ ৩ আগষ্টত আৰম্ভ কৰে যদিও সেইবৰ্ষৰ ডিচেম্বৰৰ পৰা পূৰ্ণগতিত গামোচাৰ লগতে পাট মুগাৰ মেখেলা চাদৰ উৎপাদন আৰম্ভ কৰিছে ।

অৱসৰপ্ৰাপ্ত শিক্ষক অনংগ কুমাৰ নাথ

এই সন্দৰ্ভত অনংগ কুমাৰ নাথে কয় যে, ‘‘অসমৰ গামোচাৰ বজাৰখন বহিঃৰাজ্যৰ গামোচাই দখল কৰিছে । সেয়েহে গামোচাৰ বজাৰখন থলুৱা লোকৰ হাতলৈ অনা, অসমীয়াৰ স্বাভিমান জীয়াই ৰখাৰ লগতে নিবনুৱা যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে ইলাৰাণী বোৱা কটা আৰু প্ৰশিক্ষণ কেন্দ্ৰ বিগত বৰ্ষৰ আগষ্টৰ পৰা আৰম্ভ কৰিছো । পাঁচখন তাঁত শালেৰে আৰম্ভ কেন্দ্ৰটোত বৰ্তমান ৭ খন তাঁত শাল আছে । এই কেন্দ্ৰটো স্থাপন কৰাৰ পৰিকল্পনা ২০১১ চনতেই কৰা হৈছিল । কেন্দ্ৰটোত তিনিচুকীয়াৰ ৫ গৰাকী শিপিনীয়ে গামোচা, পাট-মুগাৰ মেখেলা চাদৰ উৎপাদন কৰাৰ লগত জড়িত হৈ আছে’’ ।

কেন্দ্ৰটোত বৰ্তমানলৈ ১৮ গৰাকী শিপিনীয়ে প্ৰশিক্ষণ লোৱাৰ লগতে বস্ত্ৰ উৎপাদনৰ লগত জড়িত হৈছে । গামোচাৰ উৎপাদন বৃদ্ধি কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নিবনুৱা যুৱক-যুৱতী, মহিলাক প্ৰশিক্ষণ দিয়াৰ লগতে বস্ত্ৰ উৎপাদন কৰি আত্মনিৰ্ভৰশীল কৰাৰ বাবে প্ৰয়াস কৰা হৈছে । ইপিনে গামোচাৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত কেন্দ্ৰটোৰ শাখাৰ সম্প্ৰসাৰণৰ বাবে কাম আৰম্ভ কৰা হৈছে । ইতিমধ্যে তিনিচুকীয়াত ৩ গৰাকী শিপিনী লৈ আৰম্ভ হৈছে । পৰৱৰ্তী সময়ত গোলাঘাট, চৰাইদেউ, পাঠশালাত আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে ।

অসমৰ প্ৰতিখন জিলাতে ৪-৫খনকৈ তাঁতশাল স্থাপন কৰি গামোচা উৎপাদন কৰাৰ বাবেও পৰিকল্পনা কৰা হৈছে । কেন্দ্ৰটো প্ৰথম অৱস্থাত প্ৰায় ৫ লাখ টকাৰে আৰম্ভ হৈছিল । নাথে ইয়াৰ বাবে প্ৰয়ো-জন হোৱা সূতাবোৰ শুৱালকুছি, গুৱাহাটী আৰু কলিকতাৰ পৰা ক্ৰয় কৰা বুলি জনায় অনংগ কুমাৰ নাথে ।

লগতে পঢ়ক : কেঁচুসাৰৰ উৎপাদনেৰে স্বাৱলম্বী মানিপুৰৰ একাংশ মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.