ETV Bharat / state

মহানগৰীৰ গোশালাত হাতে লোটে ধৰা পৰিল চোৰ

author img

By

Published : Oct 3, 2020, 8:47 AM IST

শুকুৰবাৰে মহানগৰীৰ মালিগাঁৱত ৰখাই থোৱা ই-ৰিক্সাৰ বেটাৰী চুৰি কৰিব লওঁতেই ৰাইজে হাতে-লোটে ধৰা পেলায় এটা চোৰক ৷ ধৃত চোৰটোৰ নাম হিমাংশু শৰ্মা বুলি জানিব পৰা গৈছে ৷

Guwahati Gosala thief arrest
মহানগৰীৰ গোশালাত হাতে লোটে ধৰা পৰিল চোৰ

গুৱাহাটী, 3 অক্টোবৰঃ শুকুৰবাৰে মহানগৰীৰ গোশালাত এটা চোৰক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ মালিগাঁৱত ৰখাই থোৱা ই-ৰিক্সাৰ বেটাৰী চুৰি কৰিব লওঁতেই ৰাইজে হাতে-লোটে ধৰা পেলায় চোৰটোক ৷ ধৃত চোৰটোৰ নাম হিমাংশু শৰ্মা বুলি জানিব পৰা গৈছে । ৰাইজে চোৰটোক কৰায়ত্ব কৰি প্ৰথমে উত্তম মধ্যম সোধাই গোশালা আৰক্ষীক গতাই দিয়ে ৷ দীৰ্ঘদিন ধৰি মালিগাঁৱৰ বিভিন্ন স্থানৰ ই-ৰিক্সাসমূহৰ সামগ্ৰী চুৰি কৰি আহিছিল ধৃত হিমাংশু শৰ্মাই ।

উল্লেখ্য যে, যোৱা দুদিনত প্ৰায় 100খন ই-ৰিক্সাৰ বেটাৰী চুৰি কৰিছে এই চোৰটোৱে । ই-ৰিক্সাৰ মালিকসমূহে জনোৱা অনুসৰি অঞ্চলটোত আছে এটা চোৰৰ গেং ৷ এই গেঙটোৰ নেতৃত্ব দিয়ে ধৃত হিমাংশুৱে । ইতিমধ্যে, ঘটনা সন্দৰ্ভত ই-ৰিক্সা মালিক সন্থাই এজাহাৰ দাখিল কৰিছে মালিগাঁও আৰক্ষী চকীত । উক্ত এজাহাৰৰ ভিত্তিত আটকাধীন চোৰটোক লগত লৈ মালিগাঁৱৰ বিভিন্ন স্থানত গোশালা আৰক্ষীয়ে চোৰৰ সন্দৰ্ভত অভিযান চলায় ৷

লগতে পঢ়ক-পৰিত্য়ক্ত অৱস্থাত মৰিগাঁৱৰ বীৰ চিলাৰায় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.