গুৱাহাটী, 11 মাৰ্চঃ বুধবাৰে গুৱাহাটীত প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰে কা বিৰোধী বিশিষ্ট ব্যক্তি,জ্যেষ্ঠ সাংবাদিক,নাগৰিকৰ ওপৰত ৰাষ্ট্ৰ দ্ৰোহৰ ভুৱা গোচৰ জাপি দিয়া কাৰ্যৰ বাবে তীব্ৰ প্ৰতিবাদ জনায় অতি সোনকালে গোচৰসমূহ প্ৰত্যহাৰ কৰাৰ লগতে কা বিৰোধী সকলো আন্দোলনকাৰীক অতি শীঘ্ৰেই মুকলিৰ দাবী জনাই। প্ৰতিবাদস্থলীৰ পৰা কমল কুমাৰ মেধিয়ে জানিবলৈ দিয়ে যে অসমৰ চুকে কোণে সকলো দল সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ কৰিছে কিন্তু ৰাজ্য চৰকাৰে বাচি বাচি নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ কৰা সকলক কাৰাৰুদ্ধ কৰিছে। অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলক প্ৰণালীবদ্ধভাৱে কা বিৰোধী প্ৰতিবাদ শেষ কৰিবৰ বাবে ষড়যন্ত্ৰ কৰি কাৰাৰুদ্ধ কৰিছে। অসুস্থ অখিল গগৈক উন্নত চিকিৎসাৰ বাবে ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পিছতো চিকিৎসা ক্ষেত্ৰত হেমাহি কৰিছে এই চৰকাৰে । কেৱল কা বাতিল নহয় অখিল গগৈ আৰু কা বিৰোধী সকলো লোকক এই চৰকাৰে সোনকালে মুক্তি দিয়াৰ দাবীত এই প্ৰতিবাদ বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে তেওঁ।
লগতে চাওকঃ