গুৱাহাটী, ২২ এপ্ৰিলঃকামৰূপ মহানগৰৰ অতিৰিক্ত উপায়ুক্ত মনোজ শিকাৰীয়া আৰু যোগান বিভাগৰ উপ-সঞ্চালক প্ৰমোদ শ্যামৰ উপস্থিতিত কামৰূপ মহানগৰৰ বেলতলা আৰু বশিষ্ঠ চাৰিআলি স্থিত খুচুৰা দোকান,গেছ এজেঞ্চি,পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত অভিযান চলায় ।
অভিযান কালত বশিষ্ঠ চাৰিআলিস্থিত পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠান গণপতি ভাণ্ডাৰত কিছু খেলি-মেলি পোৱাত তেওঁলোকক সতৰ্ক কৰি দিয়াৰ লগতে চিটি গেছ এজেঞ্চিত সামাজিক দুৰত্ব বজায় নৰখা কাৰণেও এজেঞ্চি কৰ্তৃপক্ষক ভৱিষ্যতে এনে নকৰিবলৈ সকীয়াই দিয়ে । আনহাতে,ভৱিষ্যতে চৰকাৰৰ নিৰ্দেশ অমান্য কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সদৰী কৰে ।
লগতে চাওকঃ সৰ্থেবাৰী অঞ্চলৰ কাঁহ শিল্পীৰ পৰিয়াললৈ আৰক্ষীৰ ফালৰ পৰা সহায়ৰ হাত