ETV Bharat / state

গুৱাহাটীত ৰবটিক পদ্ধতিৰে স্প্লেনিক চিষ্টৰ বিৰল অস্ত্ৰোপচাৰ সম্পন্ন - Splenic cyst treated robotically in Guwahati

গুৱাহাটীত সম্পন্ন হ’ল বিৰল অস্ত্ৰোপচাৰ ৷ ৰবটিকল ছাৰ্জাৰীৰ জৰিয়তে এটি ১৩ বছৰীয়া কিশোৰৰ প্লীহাৰ পৰা আঁতৰ কৰা হ'ল এটা স্প্লেনিক চিষ্ট (Robotic surgery in Guwahati) । উত্তৰ-পূৰ্বাঞ্চলত প্ৰথম বাৰৰ বাবে সম্পন্ন হ'ল এনে বিৰল ছাৰ্জাৰী । অস্ত্ৰোপচাৰত ব্যৱহাৰ হোৱা ৰ’বটটোৰ নাম আছিল ‘ভাৰ্ছিয়াছ’।

গুৱাহাটীত ৰবটিক পদ্ধতিৰে স্প্লেনিক চিষ্টৰ বিৰল অস্ত্ৰোপচাৰ সম্পন্ন

author img

By

Published : Jun 17, 2022, 9:25 PM IST

গুৱাহাটী, ১৭ জুন: গুৱাহাটীৰ আগশাৰীৰ লেপাৰ’স্ক’পিক, বেৰিয়াট্ৰিক আৰু ৰ’বটিক ছাৰ্জন ডাঃ সুভাষ খান্নাৰ(Dr Subhash Khanna) নেতৃত্বত সম্পন্ন হ’ল এক বিৰল অস্ত্ৰোপচাৰ । ডাঃ খান্নাই ৰ’বটিকল ছাৰ্জাৰীৰ জৰিয়তে এটি ১৩ বছৰীয়া কিশোৰৰ প্লীহাৰ পৰা এটা স্প্লেনিক চিষ্ট আঁতৰ কৰিবলৈ সক্ষম হয় (Robotic surgery in Guwahati)। শিশু বা কিশোৰৰ ক্ষেত্ৰত এনে বৃহৎ স্প্লেনিক চিষ্ট বিৰল ।

উল্লেখ্য যে, কিশোৰগৰাকী প্ৰায় ৩ মাহ ধৰি পেটৰ বিষ আৰু বমিৰ সমস্যাত ভুগি আছিল (Gallstone disease)। প্ৰথম পৰ্যায়ত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা কৰিছিল যদিও সম্পূৰ্ণ আৰোগ্য নোহোৱাত গুৱাহাটীৰ মালিগাঁওস্থিত স্বাগত ছুপাৰস্পেচিয়েলিটি ছাৰ্জিকেল ইনষ্টিটিউট(Swagat Super Speciality Surgical Institute) এণ্ড এন এইচৰ ছাৰ্জিকেল বিভাগৰ চিকিৎসক ডাঃ সুভাষ খান্নাৰ কাষ চাপে । কিশোৰগৰাকীক পৰীক্ষা কৰাৰ পাছত তেওঁৰ দেহত স্প্লেনিক হিলাৰ চিষ্ট ধৰা পৰে (Splenic cyst treated robotically in Guwahati) ।

প্লীহা এটা গুৰুত্বপূৰ্ণ অংগ হোৱাৰ বাবে এই অস্ত্ৰোপচাৰ আছিল প্ৰত্যাহ্বানজনক । কিন্তু ডাঃ খান্নাৰ প্ৰচেষ্টাত ৰ’বটিক ছাৰ্জাৰীৰ ফলত সুস্থ হৈ উঠে কিশোৰটি । এই অস্ত্ৰোপচাৰত খান্নাৰ সৈতে আছিল ডাঃ এছ চৌধুৰী, ডাঃ বিশ্বজ্যোতি ৰাভা আৰু ডাঃ কনিকা দাস । লগতে সহযোগিতা আগবঢ়াইছিল ৰ’বটিক স্কাৰ্ব নাৰ্ছ ক্ৰমে বিদ্যা আলৱানিছা আৰু লিপকাই ।

উল্লেখ্য যে, স্বাগত ছুপাৰস্পেচিয়েলিটি ছাৰ্জিকেল ইনষ্টিটিউট এণ্ড এন এইচত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰলৈ এনে ৰ’বটিক পদ্ধতিৰে বৃহৎ স্প্লেনিক চিষ্টৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন হয় । অস্ত্ৰোপচাৰত ব্যৱহাৰ হোৱা ৰ’বটটোৰ নাম আছিল ‘ভাৰ্ছিয়াছ’ ।

লগতে পঢ়ক: লণ্ডনৰ আদালতে দোষমুক্ত কৰিলে ডাঃ মুকুল হাজৰিকাক: আলফা(স্বা)ৰ সভাপতি নহয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.