ETV Bharat / state

গুৱাহাটীৰ ১১টা ৱাৰ্ডত লক্​ ডাউন ঘোষণা প্ৰশাসনৰ - Assam lock down latest

শেহতীয়াকৈ বহুকেইটা অঞ্চলত সামাজিক সংক্রমণে অতি ভয়াৱহ ৰূপ ধাৰণ কৰা বাবে পুনৰ লক্​ ডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰে মহানগৰ প্ৰশাসনে ৷ লক্​ ডাউনৰ ফলত চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যলয় বন্ধ থকাৰ লগতে ৰাজহুৱা আৰু ব্যক্তিগত বাহন চলাচল বন্ধ থাকিব বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ।

Guwahati
গুৱাহাটী
author img

By

Published : Jun 23, 2020, 6:32 PM IST

গুৱাহাটী, 23 জুনঃ গুৱাহাটী মহানগৰীৰ ১১ টা ৱাৰ্ড কৰ'ণা হট্ স্পট হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ নিৰ্দিষ্ট ৱাৰ্ডসমূহত অনিৰ্দিষ্ট কাললৈ লক্​ ডাউন ঘোষণা কৰে মহানগৰ প্ৰশাসনে ৷ মঙলবাৰে নিশা ৯ বজা পৰা এই লক্​ ডাউন কাৰ্যকৰী হ'ব বুলি সংবাদ মেলৰ জৰিয়তে অৱগত কৰে মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷
প্ৰথম পৰ্যায়ৰ লক্​ ডাউনতকৈ অধিক কঠোৰ হ'ব এই লক্​ ডাউন ৷ এসপ্তাহৰ বাবে ঘোষণা কৰা হৈছে ৱাৰ্ড কেইটাত পূৰ্ণ পৰ্যায়ৰ লক্​ ডাউন । লক্​ ডাউন ঘোষণা কৰা ৱাৰ্ড কেইটা হৈছে ক্ৰমে ২নং ৱাৰ্ড, তাত অন্তৰ্ভূক্ত হ'ব ফেৰী ঘাট কলনী ৩, ৪, ৫ আৰু ৬নং, নিউ ৰে'লৱে কলনী, ইনষ্টিটিউট কলনী, ট্ৰায়েংগোলা কলনী, এলঅচিঅ কলনী, বিবিচি কলনী, ছিদালপুৰ অংশ, জয়মতী নগৰ।

Guwahati
গুৱাহাটী

৩নং ৱাৰ্ডত অন্তৰ্ভুক্ত হ'ব ৰেষ্ট কেম্প কলনী, ৱাটাৰ ৱৰ্কছ ৰেলৱে' কলনী, টেম্পোল ঘাট কলনী, মালিগাঁও বৈৰীপাৰা, আদাবাৰী, আদাবাৰী ৰেলৱে কলনী, গ্ৰীণ পার্ক কলনী, আনন্দনগৰ, মালিগাঁও অঞ্চল। ৪নং ৱাৰ্ডত অন্তৰ্ভুক্ত হব কামাখ্যা মন্দিৰ, কামাখ্যা কলনী অঞ্চল, পাণ্ডু নাথ বস্তি আৰু কালিপুৰ অঞ্চল।

লগতে পঢ়কঃ আছুকৰ্মীয়ে ঘেৰাও কৰিলে ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

৫নং ৱাৰ্ডত অন্তৰ্ভুক্ত হ'ব মালিগাঁও ৰে'লৱে কলনী ইষ্ট আৰু ৱেষ্ট, গোটানগৰ ৰেলৱে' কলনী ৱেষ্ট, চেন্টেল আৰু ইষ্ট, গোশালা ৰেলৱে' কলনী, দুৰ্গাসৰোবৰ আৰু শান্তিপুৰ ,ভূতনাথ ।

Guwahati
গুৱাহাটী

৬নং ৱাৰ্ডত অন্তৰ্ভুক্ত হ'ব ধীৰেণ পাৰা, গণেশপাৰা, মনাপাৰা, দতালপাৰা, কটাহবাৰী, গঁড়চুক আৰু জ্যোতিকুছি ।

৭নং ৱাৰ্ডত অন্তৰ্ভূক্ত হ'ব গতানগৰ, গতানগৰ এন চি, মালিগাঁও এনচি, ফটাশিল এনচি, দূর্গাসৰোবৰ, ফটাশিল আৰু ধীৰেণপাৰা শিল চাইড ।

৮নং ৱাৰ্ডত অন্তৰ্ভূক্ত হ'ব কুমাৰপাৰা, মাছখোৱা, আঠগাঁও, ভৰলুমুখ ।

৯নং ৱাৰ্ডত অন্তৰ্ভুক্ত হ'ব ছাত্ৰীবাৰী, কৃষ্ণনগৰ, টকৌবাৰী, ফাঁচী বজাৰ আৰু আঠগাঁও।

Guwahati
গুৱাহাটী
১০নং ৱাৰ্ড (অংশ) অন্তৰ্ভুক্ত হ'ব ফাঁচী বজাৰ, পানবজাৰ, চলাপাৰা।

১৫ নং ৱাৰ্ডত অন্তৰ্ভুক্ত হ'ব বিষ্ণুপুৰ, নতুন বস্তি, বিমলা নগৰ, মহেন্দ্ৰ নগৰ, শংকপুৰ, ফটাশিল ।

১৬নং ৱাৰ্ডত অন্তৰ্ভুক্ত হ'ব ভাস্কৰ নগৰ, বর্ষাপাৰা, ধীৰেণ পাৰা, আনন্দ নগৰ আৰু ৰংপথাৰ।

মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু
শেহতীয়াকৈ উল্লেখিত অঞ্চলসমূহত সামাজিক সংক্রমণে ভিতৰি অতি ভয়াৱহ ৰূপ ধাৰণ কৰা বাবে পুনৰ লক্​ ডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰে মহানগৰ প্ৰশাসনে ৷ লক্​ ডাউনৰ ফলত চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যলয় বন্ধ থকাৰ লগতে ৰাজহুৱা আৰু ব্যক্তিগত বাহন চলাচল বন্ধ থাকিব বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তগৰাকীয়ে । লগতে ধৰ্মীয় , ৰাজনৈতিক কাৰ্যসূচীও বন্ধ ৰখাৰ নিৰ্দেশ মহানগৰ প্ৰশাসনৰ ৷ এই সময়ছোৱাত উক্ত স্থানসমূহৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থকাৰ উপৰিও পাণ-গুটখা সকলো বিক্ৰী বন্ধ ৰাখিব লাগিব নিৰ্দেশনা জাৰি কৰিছে মহানগৰ প্ৰশাসনে । ইয়াৰোপৰি হোটেলৰ পৰা আৰম্ভ কৰি সকলো সেৱা ৱাৰ্ড সমূহো বন্ধ থাকিব বুলি অৱগত কৰে বিশ্বজিৎ পেগুৱে ৷
মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু

লগতে পঢ়কঃ বেতজান চাহ বাগিচাত নৈশ চকীদাৰক হত্য়া

আনহাতে, মুকলি থাকিব জৰুৰীকালীন সেৱাৰ লগত জৰিত সকলো কাম-কাজ । ৰেচন, ফলমূল দোকান, শাক-পাচলি, পশু খাদ্য দোকান সমূহো পুৱা ১০ বজাৰ পৰা আবেলি ৫ বজালৈ খোলা থাকিব । বেংক, এটিএম, ই-কমাৰ্চ, ট্ৰেৰ্জাৰী, ডাকঘৰ, চিকিৎসালয় আদিও খোলা ৰখাৰ নিৰ্দেশ প্ৰদান প্ৰশাসনৰ ৷ শিশু খাদ্য, গাখীৰ বিতৰণ, ঔষধ বিতৰণ, পানীৰ বিতৰণ অব্যাহত থাকিব । ৰেলৱে'ৰ কাৰ্যালয়ো খোলা থাকিব । ইয়াৰ উপৰিও কোৱাৰেণ্টাইনৰ বাবে ব্যৱহাৰ কৰা হোটেলসমূহো চলি থাকিব বুলি জনাই মহানগৰ প্ৰশাসনে । আনহাতে, জালুকবাৰী পৰা নুনমাটিলৈ অহা এমজি পথৰ, লখৰা চাৰিআলিৰ পৰা পল্টন বজাৰলৈ অহা পথৰ লগতে জালুকবাৰী পৰা খানাপাৰা মূল ৰাষ্ট্ৰীয় ঘাইপথটো খোলা থাকিব বুলি অৱগত কৰে বিশ্বজিৎ পেগুৱে । অৱশ্যে এই ৱাৰ্ড সমূহত কোনো বাহিৰলৈ ওলাব নোৱাৰিব। মহানগৰী আৰক্ষীক এই বিষয়ত অধিক কঠোৰ হোৱা আহ্বান উপায়ুক্ত পেগু।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.