গুৱাহাটী, ৪ জানুৱাৰী : ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ (Assam covid cases more than double in a day)। বিগত ২৪ ঘণ্টাত ৰাজ্যত ৩৫১ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰে ১৬৪ গৰাকীয়ে গুৱাহাটী মহানগৰীৰ । হঠাৎ বৃদ্ধি পোৱা কৰ'ণাৰ সংক্ৰমণে এতিয়া সৰ্বত্ৰে আতংকৰ সৃষ্টি কৰিছে (Guwahati covid cases more than double in a day) ।
![164 people infected Covid 19 virus in 24 hours in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-inguwahati-184-people-were-infected-in-24-hours-7209925_04012022131320_0401f_1641282200_826.jpg)
বিগত ২৪ ঘণ্টাত হোজাইত ২২, কামৰূপত ২১ আৰু যোৰহাট জিলাত ১৬ গৰাকী ক’ভিড প’জিটিভ ৰোগী ধৰা পৰিছে । তদুপৰি বোকাখাতত ১, বৰপেটাত ৯, বিশ্বনাথত ২, বঙাইগাঁৱত ২, কাছাৰত ১২, চৰাইদেউত ১, চিৰাঙত ৪, দৰঙত ৪, ধেমাজিত ৯, ধুবুৰীত ৭, ডিব্ৰুগড়ত ১৩, গোৱালপাৰাত ৩, গোলাঘাটত ৩, কাৰ্বি আংলং জিলাত ৬, কৰিমগঞ্জত ১০, কোকৰাঝাৰত ৬, লখিমপুৰত ৩, মৰিগাঁৱত ৪, নগাঁৱত ৬, নলবাৰীত ২, শিৱসাগৰত ২, শোণিতপুৰত ৪, দক্ষিণ শালমাৰাত ১, তিনিচুকীয়াত ১২ আৰু ওদালগুৰি জিলাত ২ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে ।
![164 people infected Covid 19 virus in 24 hours in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-inguwahati-184-people-were-infected-in-24-hours-7209925_04012022131320_0401f_1641282200_694.jpg)
ইফালে বিগত ২৪ ঘণ্টাত ৰাজ্যত দুগৰাকী লোকৰ ক’ভিডত মৃত্যু হয় ।
ক'ভিডত প্ৰাণ হেৰুওৱা লোক দুজনৰ ঘৰ শিৱসাগৰ আৰু শোণিতপুৰ জিলাৰ । স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাজ্যৰ ৩৬,৬১৩ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰে ১৬৪ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । সেই অনুসৰি ক'ভিড আক্ৰান্তৰ হাৰ ০.৯৬ শতাংশ (Guwahati covid cases more than double in a day) ।
বিগত ২৪ ঘণ্টাত ৫৩ গৰাকী ৰোগীয়ে ক'ভিডমুক্ত হৈ হাস্পতালৰ পৰা যাবৰৈ সক্ষম হৈছে । অৱশ্যে এতিয়াও ৰাজ্যত ১,২৭০ গৰাকীয়ে ক'ভিডৰ বিৰুদ্ধে যুঁজ দি আছে । উল্লেখ যে, এতিয়ালৈকে ৰাজ্যৰ ৩,৭৮,৬০,৮৪১ গৰাকীয়ে ক’ভিড ভেকচিন গ্ৰহণ কৰিছে ।
![164 people infected Covid 19 virus in 24 hours in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-inguwahati-184-people-were-infected-in-24-hours-7209925_04012022131320_0401f_1641282200_878.jpg)
ইয়াৰে ২,১৮,৪০,০৫৯ গৰাকীয়ে প্ৰথম আৰু ১,৬০,২০,৭৮২ গৰাকীয়ে দ্বিতীয় পালি ভেকচিন লৈছে । ইফালে বৰঝাৰ বিমান বন্দৰত (Lokpriya Gopinath Bordoloi International Airport) বিগত ২৪ ঘণ্টাত ১৭ গৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । ইয়াৰে ১২ গৰাকীয়ে বিদেশ ভ্ৰমণ কৰি অহা লোক । আটাইগৰাকীৰ যাত্ৰীৰ নমুনা অ'মিক্ৰণ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।
উল্লেখ যে, স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনোৱা অনুসৰি বিমান বন্দৰত ক’ভিড পজিটিভ সংখ্যা পুনৰ বৃদ্ধি পাব ধৰিছে । লক্ষণীয় বিষয় যে, বিগত কিছুদিন ধৰি ৰাজ্যত পুনৰ ক'ভিড আক্ৰান্তৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে । যাক লৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ ।
![164 people infected Covid 19 virus in 24 hours in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-inguwahati-184-people-were-infected-in-24-hours-7209925_04012022131320_0401f_1641282200_431.jpg)
ইতিমধ্যে ক'ভিডৰ তৃতীয় ঢৌ তথা অ'মিক্ৰণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । ক'ভিডৰ বাবে ৯ হাজাৰ বিছনা সাজু কৰি ৰখা হৈছে । প্ৰয়োজন হ'লে আৰু ২৫ হাজাৰ বিছনা সাজু কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে ।
ইফালে তিনি জানুৱাৰীৰ পৰা ৰাজ্যজুৰি ১৫ বছৰৰ পৰা ১৮ বছৰৰ কিশোৰ-কিশোৰীৰ বাবে টিকাকৰণৰ ব্যৱস্থা হৈছে । আনহাতে, ১০ জানুৱাৰীৰ পৰা ৬০ৰ ঊৰ্দ্ধৰ আৰু ক'ভিড যোদ্ধাৰ বাবে ক'ভিডৰ তৃতীয় পালি ভেকচিন তথা বুষ্টাৰ ড'জ প্ৰদান কৰা হ'ব ।
লগতে পঢ়ক : Covid 19 increases in India : 8-16 জানুৱাৰীলৈ বন্ধ থাকিব সকলো বিদ্যালয়