গুৱাহাটী, 13 আগষ্ট : বাংলাদেশৰ এগৰাকী কণমানি শিশুৰ মস্তিষ্কৰ এক জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিলে গুৱাহাটীৰ ‘‘হৃদয়বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ’’ই (চি এন চেণ্টাৰ) । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীনৰ হৃদৰোগ তথা স্নায়ুৰোগৰ অত্যাধুনিক ছুপাৰস্পেচিয়েলিটি চিকিৎসালয়খনে শেহতীয়াকৈ চুবুৰীয়া দেশখনৰ ছিলেটৰ জন্মগতভাৱে মস্তিষ্কৰ হৰ্ণিয়া (এনচেফেল'চিলিচ) ৰোগত আক্ৰান্ত এটি শিশুৰ সফল অস্ত্ৰোপচাৰৰ জৰিয়তে নৱজীৱন দিবলৈ সক্ষম হৈছে ।
![Complicated brain surgery](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-08-2023/19253393_ghyy.jpg)
জুলাইৰ শেষ সপ্তাহত চি এন চেণ্টাৰত ভৰ্তি হোৱা কণমানিগৰাকীৰ মাতৃগৰ্ভত থাকোতেই মস্তিষ্কৰ বিকাশৰ সময়তে লাওখোলাত এটি সূক্ষ্ম ছিদ্ৰ ৰৈ যায় । জন্মগতভাৱে লাওখোলাত ৰৈ যোৱা এই ছিদ্ৰয়েদি জন্মৰ পাচত লাহে লাহে শিশুটিৰ মস্তিষ্কৰ কিছু অংশ চকু আৰু নাকৰ ওচৰত বাহিৰলৈ ওলাই আহে । কেইবছৰ মানৰ ভিতৰতে মস্তিষ্কৰ এই অস্বাভাৱিক বৃদ্ধিয়ে কণমানিগৰাকীৰ কঁপালত টেমুনাৰ ৰূপ লয় ।
ছিলেটৰ অভিভাৱকে গুৱাহাটীৰ চি এন চেণ্টাৰৰ বিষয়ে জানিব পাৰি জুলাইত এই অত্যাধুনিক ছুপাৰস্পেচিয়েলিটি চিকিৎসালয়খনলৈ লৈ অনাত চি এন চেণ্টাৰৰ সঞ্চালক তথা নিউৰ'ছাৰ্জাৰীৰ বিশেষজ্ঞ ডাঃ বসন্ত বৈশ্যৰ নেতৃত্বত স্নায়ুৰোগ বিশেষজ্ঞৰ এটা দলে পৰীক্ষা কৰি চি এন চেণ্টাৰতে অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰে ।
চি এন চেণ্টাৰত প্ৰায় দুসপ্তাহ পূৰ্বে ডাঃ বৈশ্যৰ নেতৃত্বত সংগীতা নাথৰ মস্তিষ্কত দুটা জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰি শিশুটিৰ কপাল তথা চকু-নাকৰ ওচৰত টেমুনা আকাৰত বাঢ়ি অহা মস্তিষ্কৰ অস্বাভাৱিক অংশ আঁতৰাই পেলোৱাৰ লগতে তেওঁৰ মস্তিষ্কৰ জন্মগত ছিদ্ৰ বন্ধ কৰি দিয়ে । এই অস্ত্ৰোপচাৰৰ দ্বাৰা শিশুগৰাকীৰ মুখমণ্ডলো স্বাভাৱিক ৰূপলৈ ঘূৰাই আনে ডাঃ বৈশ্য আৰু চি এন চেণ্টাৰৰ সহযোগী চিকিৎসা বিশেষজ্ঞসকলে ।
ইফালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শনিবাৰে চি এন চেণ্টাৰলৈ গৈ সফল অস্ত্ৰোপচাৰৰ পাচত বৰ্তমান আৰোগ্যৰ দিশত আগবঢ়া কণমানিটিক দেখা কৰি খবৰ লোৱাৰ লগতে চি এন চেন্টাৰৰ সঞ্চালক ডাঃ বসন্ত বৈশ্য আৰু সহযোগী চিকিৎসা বিশেষজ্ঞসকলক এই সফল অস্ত্ৰোপচাৰৰ বাবে অভিনন্দন জনায় ।
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সঞ্চালক ডাঃ বৈশ্য তথা সহযোগী বিশেষজ্ঞ চিকিৎসকসকলৰ পৰা শিশুটিৰ চিকিৎসাৰ সকলো দিশৰ লগতে বৰ্তমান অৱস্থাৰো সবিশেষ বুজ লয় । শিশুটিৰ অভিভাৱকৰ লগতো মত-বিনিময় কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চি এন চেণ্টাৰ চিকিৎসা গ্ৰহণৰ সময়ছোৱাত বাংলাদেশৰ পৰিয়ালটোৱে কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি সেই বিষয়েও খবৰ কৰে ।
স্বাস্থ্যমন্ত্ৰী মহন্তই জানিবলৈ দিয়া মতে অসম তথা ভাৰতৰ সৈতে বাংলাদেশৰ ক্ৰমবৰ্ধমান মধুৰ সম্পৰ্ক আৰু দ্বিপাক্ষিক সহযোগিতাক উদগণি যোগোৱাত সহায়ক হোৱাকৈ অসম চৰকাৰে চি এন চেণ্টাৰত মস্তিষ্কৰ হৰ্ণিয়াত আক্ৰান্ত ছিলেটৰ কণমানি শিশুটিৰ সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থা কৰিছে ।
এই চিকিৎসাৰ সময়ত শিশুটিৰ সৈতে অহা অভিভাৱকেও যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবেও চি এন চেণ্টাৰৰ ফালৰ পৰা ব্যৱস্থা লোৱা হৈছে । শিশুটি শীঘ্ৰে সম্পূৰ্ণ সুস্থ হৈ উঠাৰ লগতে ভৱিষ্যত জীৱন উজ্জ্বল হোৱাৰ কামনা কৰে স্বাস্থ্যমন্ত্ৰী মহন্তই ।
চি এন চেণ্টাৰত ছিলেটৰ শিশুটিৰ মস্তিষ্ক-হৰ্ণিয়াৰ এই অতি জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হোৱাৰ বতৰাই চুবুৰীয়া দেশখনৰ জনসাধাৰণৰ মাজতো জি এম চি এইচৰ ছুপাৰস্পেচিয়েলিটি চিকিৎসালয়খনৰ সুনাম বৃদ্ধিত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মতপোষণ কৰে ।
লগতে পঢ়ক : Doyang Hydro Project : গোলাঘাটৰ জিলা আয়ুক্তৰ নেতৃত্বত প্ৰতিনিধি দলৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন