ETV Bharat / state

Guwahati City Police: মহানগৰ আৰক্ষীৰ পোচাকত অসমীয়া নামফলক - অসম আৰক্ষীৰ টুইটাৰত পুস্পা

এতিয়াৰে পৰা মহানগৰ আৰক্ষীৰ নাম পঢ়িব পাৰিব অসমীয়া ভাষাত (Police name plate in Assamese)৷ পোচাকত অসমীয়া ভাষাত লিখা নাম ফলক লগাবলৈ দিয়া হৈছে নিৰ্দেশনা ৷

Guwahati City Police
মহানগৰ আৰক্ষীৰ পোচাকত অসমীয়া নামফলক
author img

By

Published : Jan 29, 2022, 10:45 PM IST

গুৱাহাটী,২৯ জানুৱাৰী: এতিয়াৰে পৰা মহানগৰ আৰক্ষীক দেখা যাব নতুন ৰূপত । আৰক্ষীৰ পোচাকত থাকিব অসমীয়া নামফলক (Police name plate in Assamese) ৷ জনসাধাৰণৰ হিতাৰ্থে এই সিদ্ধান্ত অসম আৰক্ষীৰ ৷

ৰাইজৰ সৈতে সম্পৰ্ক অধিক দৃঢ় কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে । অসমীয়া ভাষাত বেজ পৰিধান কৰিবলৈ মহানগৰৰ প্ৰতিজন আৰক্ষীলৈ নিৰ্দেশনা দিছে আৰক্ষী আয়ুক্ত হৰমীত সিঙে ।

মহানগৰ আৰক্ষীৰ পোচাকত অসমীয়া নামফলক

আনহাতে, অসম আৰক্ষীৰ ফেচবুক পেজ, টুইটাৰ হেণ্ডলত স্থান পালে দক্ষিণ ভাৰতীয় জনপ্ৰিয় বোলছবি ‘পুস্পা’ৰ সংলাপ (Pushpa film dialogue in Social media handle) । জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্য এই সিন্ধান্ত লোৱা হৈছে । এই বিষয় সম্পৰ্কে মহানগৰ আৰক্ষী আয়ুক্ত হৰমীত সিং আৰু যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে, সেৱাৰ মনোভাৱেৰে এই সিদ্ধান্ত লোৱা হৈছে । অসমত অসমীয়া ভাষীৰ সংখ্যা বেছি, গতিকে জনসাধাৰণে আৰক্ষীজনৰ সহজে পৰিচয় লাভ কৰিবৰ বাবে অসমীয়া ভাষাত বেজ পৰিধান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে মহানগৰ আৰক্ষীয়ে ।

লগতে পঢ়ক: কেনে আছে উগ্ৰপন্থীৰ হাতত গুলীবদ্ধ হোৱা জোৱান ৰিংকু নাথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.