ETV Bharat / state

Loads of plastic waste: দৈনিক ৩৭০ টন প্লাষ্টিকৰ আৱৰ্জনাৰ বোজা বহন গুৱাহাটী মহানগৰীৰ

author img

By

Published : Jul 23, 2023, 8:07 PM IST

মহানগৰীৰ নলা-নৰ্দমা চাফা ৰখাৰ লগতে প্ৰদূষণ ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ উদ্যোগ । বন্ধ হ'ব এবাৰ ব্যৱহৃত এক লিটাৰৰ তলৰ প্লাষ্টিকৰ পানী বটল । প্লাষ্টিকৰ অবাধ ব্যৱহাৰৰ ফলত মহানগৰীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে প্লাষ্টিকসৃষ্ট আৱৰ্জনা আৰু প্ৰদূষণ । মহানগৰীত প্ৰতিদিনে ওলোৱা প্রায় ৬০০টন আৱৰ্জনাৰ ভিতৰত ৩৭০ টন আৱৰ্জনাই হৈছে প্লাষ্টিকসৃষ্ট আৱৰ্জনা ।

Guwahati city plastic waste
Loads of plastic waste

গুৱাহাটী, ২৩ জুলাই: গুৱাহাটী মহানগৰীৰ নলা-নৰ্দমা চাফা ৰখাৰ লগতে প্ৰদূষণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । এইক্ষেত্রত শেহতীয়া কেবিনেট বৈঠকত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । অহা ২ অক্টোবৰৰ পৰা এবাৰ ব্যৱহাৰ হোৱা এক লিটাৰৰ তলৰ পানীৰ বটল বিক্ৰী কৰিব নোৱাৰিব ।

আনহাতে, অহা বছৰ ২ অক্টোবৰৰ পৰা দুই লিটাৰৰ তলৰ পানী বটল বিক্ৰী নিষিদ্ধ কৰা হ'ব । কেবিনেটৰ এই সিদ্ধান্তক লৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰাৰ বিপৰীতে একাংশই আদৰণি জনাইছে ।

লক্ষণীয় বিষয় যে, বৰ্তমান সময়ত প্লাষ্টিকৰ আৱৰ্জনাই গুৱাহাটী মহানগৰীত ভয়াৱহ সংকটৰ সৃষ্টি কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নিষেধাজ্ঞাৰ পিচতো গুৱাহাটী মহানগৰীত এবাৰ ব্যৱহৃত প্লাষ্টিকৰ অবাধ প্রচলন হৈ আছে । বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই একাংশ অসাধু ব্যৱসায়ীয়ে এবাৰ ব্যৱহৃত প্লাষ্টিক মুকলিকৈ বিক্রী কৰি আহিছে ।

উল্লেখ্য যে, প্লাষ্টিকৰ অবাধ ব্যৱহাৰৰ ফলত মহানগৰীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে প্লাষ্টিকসৃষ্ট আৱৰ্জনা আৰু প্ৰদূষণ । প্রায় ২০ লাখ লোকে বসবাস কৰা গুৱাহাটী মহানগৰীত বিজ্ঞানসন্মতভাৱে আৱৰ্জনা সংগ্রহ আৰু পৰিশোধনৰ ব্যৱস্থা নোহোৱাৰ ফলশ্রুতিত বিভিন্ন স্থানত স্তূপীকৃত আৱৰ্জনাই ভয়াৱহ ৰূপত প্ৰদূষণ সৃষ্টি কৰিছে । গুৱাহাটী মহানগৰীত প্রতিদিনে প্রায় ৬০০ টন আৱৰ্জনা ওলায় । এই ৬০০ টন আৱৰ্জনাৰ ভিতৰত অধিকাংশই হৈছে প্লাষ্টিকসৃষ্ট আৱৰ্জনা ।

এনভাইৰন নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে চলোৱা জৰীপৰ তথ্য অনুসৰি মহানগৰীত প্ৰতিদিনে ওলোৱা প্রায় ৬০০টন আৱৰ্জনাৰ ভিতৰত ৩৭০ টন আৱৰ্জনাই হৈছে প্লাষ্টিকসৃষ্ট আৱৰ্জনা । বিগত এটা দশকত গুৱাহাটী মহানগৰীত অস্বাভাৱিক হাৰত প্লাষ্টিকসৃষ্ট আৱৰ্জনাৰ পৰিমাণ বৃদ্ধি পাইছে । যাৰ ফলশ্ৰুতিত গুৱাহাটী মহানগৰীত পৰিৱেশ প্ৰদূষণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ।

লগতে পঢ়ক: BVFCL to be close: কোনো কাৰণতে বন্ধ নহয় লাভৰ মুখ দেখা নামৰূপ সাৰ কাৰখানা; মন্ত্ৰী তেলী

শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই মহানগৰীত প্ৰতিদিনে ওলোৱা প্রায় ৬০০টন আৱৰ্জনাৰ ভিতৰত ৩৭০ টন আৱৰ্জনাই হৈছে প্লাষ্টিকসৃষ্ট আৱৰ্জনা । গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই মহানগৰীক কৃত্রিম বানমুক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । কৃত্রিম বানমুক্ত গুৱাহাটী অভিযানৰ অংশ হিচাপে শিলসাঁকো বিলৰ অবৈধ বেদখল উচ্ছেদ কৰিছে ৷ তদুপৰি বোন্দাজান, লখিমীজান, ভৰলু, মৰাভৰলু, বশিষ্ঠ, বাহিনী নৈত পৌৰ নিগমে খনন কৰাৰ লগতে আৱৰ্জনা নিষ্কাশন কৰি আহিছে ।

ইয়াৰ সমান্তৰালকৈ মহানগৰীৰ পথ-উপপথত থকা নলাসমূহৰ আৱৰ্জনাও নিষ্কাশন কৰিছে । মহানগৰীৰ প্ৰতিটো পথ-উপপথৰ নলাৰ পৰা ওলোৱা আৱৰ্জনাৰ বেছিভাগেই প্লাষ্টিকসৃষ্ট আৱৰ্জনা । অতি উদ্বেগৰ বিষয় যে এজাক বৰষুণ দিলেই গুৱাহাটীৰ মহানগৰীৰ বাহিনী, ভৰলু, মৰা ভৰলু নৈৰ উপৰি সকলো নলা-নৰ্দমা আৱৰ্জনাৰে উফন্দি উঠে । এই আৱৰ্জনাৰ বেছিভাগেই হৈছে প্লাষ্টিকৰ পানী বটলকে ধৰি এবাৰ ব্যৱহৃত প্লাষ্টিক ।

পৌৰ নিগমে নলা সমূহ চাফা কৰাৰ পাছতে এজাক বৰষুণ দিলেই আৱৰ্জনাৰে পৰিপূৰ্ণ হৈ পৰে । যাৰ বাবে বৰষুণ দিলে গুৱাহাটী মহানগৰী কৃত্রিম বানৰ কবলত পৰে । মহানগৰীক কৃত্রিম বানমুক্ত কৰিবলৈ প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা মুক্ত কৰিব লাগিব বুলি বহুকেইগৰাকী বিশেষজ্ঞই মতপোষণ কৰিছে ।

প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা গুৱাহাটী মহানগৰীক মুক্ত কৰিব নোৱাৰিলে ভৱিষ্যতে ভয়াৱহ বিপদৰ সন্মুখীন হ'ব লাগিব । সেয়েহে এবাৰ ব্যৱহৃত প্লাষ্টিকৰ বন্ধ কৰাৰ বাবে চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । অৱশ্যে চৰকাৰী এই উদ্যোগ কিমান দূৰ কাৰ্যকৰী হ'ব সেয়া সময়েহে ক'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.