গুৱাহাটী, 5 অক্টোবৰ: ৰাজ্যত উদ্বেগজনকভাৱে অব্যাহত আছে শিশু শ্ৰমিক নিয়োগ আৰু শিশু নিৰ্যাতনৰ ঘটনা ৷ শিশুৰ ক্ষেত্ৰত সংঘটিত এনে অমানৱীয় ঘটনাৰ বিৰুদ্ধে বিভিন্ন সময়ত সজাগতা সৃষ্টি কৰি অহাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো হ্ৰাস পোৱা নাই ৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে কামৰূপ জিলা শিশু সুৰক্ষা বিষয়াই ৷ এক সংবাদমেলৰ জৰিয়তে শিশু সুৰক্ষা বিষয়াই প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ 1 জানুৱাৰীৰ পৰা ৪ অক্টোবৰলৈকে কেৱল গুৱাহাটীতে ৮৪ টি শিশু শ্ৰমিক উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰোপৰি 1 জানুৱাৰীৰ পৰা ৪ অক্টোবৰলৈকে গুৱাহাটী মহানগৰীত ৭৮ টা শিশুক যৌন নিৰ্যাতনৰ গোচৰ পঞ্জীয়ণ কৰা হৈছে ৷ যি তথ্যই চিন্তিত কৰিছে শিশু সুৰক্ষা বিষয়াসকলক ৷
সমান্তৰালকৈ পোহৰলৈ আহিছে অন্য এক ঘৃণনীয় ঘটনা ৷ এটি ১৮ মহীয়া কন্যা শিশুক নিজ পিতৃয়ে যৌন নিৰ্যাতন চলোৱাৰ ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ হাতীগাঁৱত ৷ ইতিমধ্যে শিশুটিৰ মাতৃৰ অভিযোগৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পিতৃক৷ উল্লেখ্য যে, হাতীগাঁও অঞ্চলৰ এটা ভাড়াঘৰত সংঘটিত হৈছে এই ঘৃণনীয় ঘটনা ৷ ইফালে মহানগৰীৰ ভগদত্তপুৰৰ এগৰাকী অধ্যাপিকাৰ বাসগৃহত সংঘটিত হোৱা শিশু শ্ৰমিক নিৰ্যাতনৰ ঘটনাৰ সন্দৰ্ভতো মুখ খুলিছে জিলা শিশু সুৰক্ষা বিষয়াই ৷ উল্লেখ্য যে, যোৱা ৩০ ছেপ্টেম্বৰত পোহৰলৈ আহিছিল উক্ত ঘটনা ৷ এই সন্দৰ্ভত মন্তব্য কৰি জিলা শিশু সুৰক্ষা বিষয়াই কয়,"ভগদত্তপুৰৰ প্ৰিয়া Exotica apartment ত পোৱা গৈছিল শিশুটি ৷ শ্ৰমিক হিচাবে শিশুটিক ব্যৱহাৰ কৰি দীৰ্ঘদিন ধৰি মানসিক আৰু শাৰিৰীকভাৱে অত্যাচাৰ চলাই অহা হৈছিল শিশুটিক ৷ জিলা দণ্ডাধীশৰ উপস্থিতিত চাইল্ড লাইনে উদ্ধাৰ কৰিছে শিশুটিক ৷ সম্প্ৰতি চিকিৎসকে পৰীক্ষা কৰি আছে ৷’’
সংবাদমেলত শিশু সুৰক্ষা বিষয়াই জানিবলৈ দিয়া অনুসৰি শিশুটিক অধ্যাপিকাগৰাকীৰ ঘৰত লাঠিৰে মাৰপিট কৰাৰ উপৰিও চুলি কাটি দিয়া হৈছিল, গাত ঢালি দিয়া হৈছিল গৰম পানী ৷ শিশুটিৰ সন্দৰ্ভত চিকিৎসকে এই পৰ্যন্ত তথ্য প্ৰকাশ কৰা নাই ৷ আনহাতে শিশুটিক যৌন নিৰ্যাতনো চলোৱা হৈছিল বুলি খবৰ পোৱা গৈছে যদিও বৰ্তমান সময়লৈকে সেয়া স্পষ্ট হোৱা নাই ৷ শিশু সুৰক্ষা বিষয়াই জানিবলৈ দিয়ে যে স্বামী-স্ত্ৰী দুয়োৱে শিশুটিক অত্যাচাৰ কৰিছিল আৰু শিশুটিৰ শৰীৰত আঘাতৰ চিন স্পষ্ট ৷
লগতে পঢ়ক: Silchar News: আজৱ ! চিকিৎসকে মৃত ঘোষণা কৰা নৱজাতক জীৱিত হ’ল শ্মশানত