ETV Bharat / state

কৰ্কট ৰোগী টিনাৰ উন্নত চিকিৎসাৰ বাবে সাহাৰ্য সংগ্ৰহ বন্ধুবৰ্গৰ

author img

By

Published : Nov 6, 2020, 10:24 PM IST

গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ টিনা বৈশ্য কৰ্কট ৰোগত আক্ৰান্ত ৷ উন্নত চিকিৎসাৰ বাবে বহু টকাৰ প্ৰয়োজন টিনাক ৷ শয্যাগত টিনাক সহায়ৰ বাবে আগবাঢ়ি আহিছে তেওঁৰ বন্ধুবৰ্গ । মহানগৰীৰ বিভিন্ন স্থানত ৰাইজৰ পৰা সাহাৰ্য সংগ্ৰহ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷

Guwahati cancer patient tina baishya
কৰ্কট ৰোগী টিনাৰ উন্নত চিকিৎসাৰ বাবে সাহাৰ্য সংগ্ৰহ

গুৱাহাটী,6 নৱেম্বৰ : কৰ্কট ৰোগত আক্ৰান্ত গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ টিনা বৈশ্যক সহায়ৰ বাবে আগবাঢ়ি আহিছে কেইগৰাকীও ছাত্ৰ-ছাত্ৰী । আঞ্চলিক জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী টিনা বিগত কেইবাদিন ধৰি শয্যাগত অৱস্থাত আছে ।

গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা কৰাইছে যদিও সুস্থ হোৱা নাই টিনা । লাহে লাহে অধিক অসুস্থ হৈ পৰে কিশোৰীগৰাকী । কিশোৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে এতিয়া বহিঃৰাজ্যলৈ নিয়াৰ পৰামৰ্শ দিছে চিকিৎসকে । কিন্তু উন্নত চিকিৎসাৰ বাবে যথেষ্ট পৰিমাণৰ ধনৰ প্ৰয়োজন । আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ বাবে কোনো কালেই এই ধন সংগ্ৰহ কৰাতো একপ্ৰকাৰ অসম্ভৱ ।

সেয়েহে শয্যাগত টিনাক সহায়ৰ বাবে আগবাঢ়ি আহিছে তেওঁৰ বন্ধুবৰ্গ । জালুকবাৰী, মালিগাঁও, গড়চুক আদি বিভিন্ন স্থানত ৰাইজৰ পৰা সাহাৰ্য সংগ্ৰহ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে । তেওঁলোকৰ আহ্বান, পাৰ্যমানে ৰাইজে সহায় কৰক টিনা বৈশ্যক । অতি দৰিদ্ৰ পৰিয়ালৰ টিনাক আপুনিও সহায় কৰিব পাৰে ।

কিশোৰীগৰাকীক আৰ্থিকভাৱে সহায় কৰিব বিচাৰিলে মাতৃ অঞ্জলী বৈশ্যৰ বিজয়া বেংকৰ বৰাগাঁও (বেটকুচি) শাখাৰ একাউণ্ট নম্বৰ-80170101100224,IFSC-VIJB0008017 অথবা 970616200, 9678873597 ফোন নম্বৰত যোগাযোগ কৰিব পাৰে ৷

লগতে পঢ়ক : মাত্ৰ এমাহৰ ভিতৰতে সমাধান হ'ব মহানগৰবাসীৰ খোৱাপানীৰ সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.