ETV Bharat / state

3০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা

১২ দিনীয়া কাৰ্যসূচীৰে অহা 30 ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা ৷ ক’ভিড-19 সৃষ্ট পৰিবেশৰ পাচত গুৱাহাটীত এইখনেই হৈছে প্ৰথমখন গ্ৰন্থমেলা ৷ গ্ৰন্থৰ সুবাসেৰে সুবাসিত হ’ব চানমাৰি আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰ ৷

guwahati book fair
guwahati book fair
author img

By

Published : Dec 18, 2020, 5:41 PM IST

গুৱাহাটী, 18 ডিচেম্বৰ : কৰ’ণা ভাইৰাছ সৃষ্ট পৰিবেশৰ পাছত গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব প্ৰথম খন গ্ৰন্থমেলা ৷ চলিত মাহৰ ৩০ তাৰিখৰ পৰা চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা ৷ এই গ্ৰন্থমেলাৰ প্ৰতিটো দিনৰ কাৰ্যসূচী হিচাপে থাকিব বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে নবীন-প্ৰবীন লেখক লেখিকাৰ গ্ৰন্থ উন্মোচনী ৷

3০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা

30 ডিচেম্বৰৰ পৰা 10 জানুৱাৰীলৈ ১২ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাৰ শুভাৰম্ভণী অনুষ্ঠানত অংশ ল’ব ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল তথা বিশিষ্ট লেখক চিন্তাবিদ তথাগত ৰয় আৰু পথিতযশা সাহিত্যিক য়েছে দৰ্জে ঠংচিয়ে ৷ তিব্বতৰ পৰা অহা এটা সাংস্কৃতিক দলে পৰিবেশন কৰিব বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৷

প্ৰকাশন এইবাৰৰ গ্ৰন্থমেলাত অংশ ল’ব প্ৰায় শতাধিক বিপনীয়ে ৷ তাৰ ভিতৰত আছে কলকাতা আৰু দিল্লীৰ পৰা অহা আগশাৰীৰ প্ৰকাশক গোষ্ঠীৰ বিপনীও ৷ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে গ্ৰন্থানুৰাগী সকলৰ প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া হ’ব গ্ৰন্থমেলাত ৷ ইয়াৰোপৰি প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাৰ এইবাৰৰ মুখ্য আকৰ্ষণ হ’ব কৰ’ণাই বিধ্বস্ত কৰা গ্ৰন্থ উদ্যোগ শীৰ্ষক আলোচনা চক্ৰ, তিব্বতীয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান, যুৱ সাহিত্যিক তথা শিশুৰ বিভিন্ন অনুষ্ঠান ৷

লগতে পঢ়ক : তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.