ETV Bharat / state

বিভিন্ন জাতি-জনগােষ্ঠীৰ ডেৰ শতাধিকৰ বিজেপিত যােগদান

ভাৰতীয় জনতা পার্টিৰ নীতি, আদৰ্শৰ প্রতি আস্থা প্রকাশ কৰি বুধবাৰে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ডেৰ শতাধিক লােকে আনুষ্ঠানিক ভাৱে বিজেপিত যােগদান কৰে । ভাৰতীয় জনতা পার্টিৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন ৰাজ্যিক উপ-সভাপতি লংকী ফাংচুয়ে দলীয় অংগ বস্ত্ৰৰে তেওঁলােকক দলীয় সদস্য হিচাপে অন্তৰ্ভূক্ত কৰে।

guwahati-bjp-joining-program
বিভিন্ন জাতি-জনগােষ্ঠীৰ ডেৰ শতাধিকৰ বিজেপিত যােগদান
author img

By

Published : Dec 30, 2020, 10:12 PM IST

গুৱাহাটী,৩০ ডিচেম্বৰঃ ভাৰতীয় জনতা পার্টিৰ নীতি-আদৰ্শৰ প্রতি আস্থা প্রকাশ কৰি বুধবাৰে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ডেৰ শতাধিক লােকে আনুষ্ঠানিক ভাৱে বিজেপিত যােগদান কৰে। ভাৰতীয় জনতা পার্টিৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন ৰাজ্যিক উপ-সভাপতি লংকী ফাংচুয়ে দলীয় অংগ বস্ত্ৰৰে তেওঁলােকক দলীয় সদস্য হিচাপে অন্তৰ্ভূক্ত কৰে। বুধবাৰে যােগদান কৰাসকলৰ ভিতৰত বিটিচিৰ প্ৰাক্তন ই.এম,বনজাৰ দৈমাৰী, অসম সমন্বিত জনজাতি উন্নয়ন সমিতিৰ সভাপতি অমল ৰাভা, অসম অনুসূচীত জাতি পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক শ্ৰীমন্ত কুমাৰ দাস, প্রদেশ কংগ্ৰেছৰ প্রাক্তন সাধাৰণ সম্পাদিকা ড০ লক্ষ্যহীৰা দত্ত, অসম প্রদেশ হৰিজন লীগৰ ৰাজ্যিক সভাপতি জন্মেজয় দাস, গুৱাহাটী পৌৰ নিগমৰ ২৪ নং ৱাৰ্ডৰ প্ৰাক্তন পাৰিষদ পৰেশ কলিতা, উদ্যোগী মহিলা পিংকী চহৰীয়া অন্যতম। অনুষ্ঠানত সমন্বিত জনজাতি উন্নয়ন সমিতিৰ কেইবাগৰাকী সদস্যইও যােগদান কৰে।

guwahati-bjp-joining-program
বিভিন্ন জাতি-জনগােষ্ঠীৰ ডেৰ শতাধিকৰ বিজেপিত যােগদান

অনুষ্ঠানত বক্তব্য ডাঙি ধৰি দলৰ ৰাজ্যিক উপ-সভাপতি পুলক গােহাঁইয়ে কয় যে, বিজেপিৰ জনমুখী, উন্নয়নশীল আৰু সকলােকে একেলকে আগবঢ়াই নিয়াৰ নীতিৰ প্রতি ৰাজ্যৰ জাতি জনজাতি সম্প্রদায়ৰ জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে । তেওঁ কয় যে, দলৰ নীতি আদর্শৰ ক্ষেত্ৰত দলে কেতিয়াও আপােচ কৰা নাছিল, কৰা নাই আৰু কেতিয়াও নকৰে। সমাজৰ প্রতি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বিজেপিয়ে আজি দলীয় সদস্যতা গ্রহণ কৰা কাৰ্যকর্তাসকলক এখন বৃহৎ মঞ্চ প্রদান কৰিছে বুলি উল্লেখ কৰি উপ-সভাপতিগৰাকীয়ে তেওঁলােকক নিজ নিজ ক্ষেত্ৰত দলটোক আগুৱাই লৈ যােৱাৰ বাবে সকলােকে আহ্বান জনায় । আজিৰ যােগদান অনুষ্ঠানত ৰাজ্যিক বিষয়ববীয়াৰ লগতে দলীয় কার্যকর্তা সকলাে উপস্থিত আছিল ।
লগতে পঢ়ক : নাগালেণ্ডক পুনৰ অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.