ETV Bharat / state

কৰ'ণা আতংকঃ ১৪ দিনৰ বাবে বন্ধ আঠগাঁও কবৰস্থান মছজিদ

author img

By

Published : Apr 10, 2020, 11:11 PM IST

শুকুৰবাৰে মহানগৰ প্ৰশাসনে ছীল কৰে মহানগৰীৰ আঠগাঁও কবৰস্থান মছজিদ । কৰ'ণা ভাইৰাছত আক্ৰান্ত তিনিগৰাকীকৈ ব্যক্তি মছজিদটোত আছিল বাবেই ১৪ দিনৰ বাবে সাময়িকভাৱে বন্ধ কৰে আঠগাঁও কবৰস্থান মছজিদ ।

আঠগাঁও কবৰস্থান মছজিদ
কৰ'ণা আতংকঃ ১৪ দিনৰ বাবে বন্ধ আঠগাঁও কবৰস্থান মছজিদ

গুৱাহাটী, ১০ এপ্ৰিলঃ মহানগৰ প্ৰশাসনে শুকুৰবাৰে ছীল কৰে মহানগৰীৰ আঠগাঁও কবৰস্থান মছজিদ । কৰ'ণাত আক্ৰান্ত তিনিগৰাকীকৈ ব্যক্তি আছিল মছজিদটোত । যাৰ বাবে ১৪ দিনলৈ প্ৰশাসনে সাময়িকভাৱে বন্ধ কৰে আঠগাঁও কবৰস্থান মছজিদ ।

মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ উপস্থিতিত ছীল কৰা হয় মছজিদটো। মছজিদ তথা কবৰস্থানৰ চোৱাচিতাৰ দায়িত্বত থকা লোক কেইজনক ভিতৰতে ৰখাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে । কাইলৈ পুৱাৰ ভাগলৈ আটাইৰে স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব ।

উল্লেখযোগ্য যে, কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা ফাইজুল হক বৰভূঞাৰ লগতে আন আক্ৰান্ত দুগৰাকী ৰোগী ১২ তাৰিখে আঠগাঁৱৰ মছজিদত নিশা কটাইছিল । তাত উপস্থিত থকা কেইবাজনকো আছুতীয়া কৰি ৰখা হৈছে যদিও বৰ্তমানলৈকে সংস্পৰ্শলৈ অহা আন ১০০জন ব্যক্তিক চিনাক্ত কৰিব পৰা নাই ৷

জানিব পৰা অনুসৰি, ১২ মাৰ্চত দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা ঘূৰি অহা এশজন লোকে একেলগ হৈ আলোচনাত মিলিত হৈছিল মছজিদটোত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.