গুৱাহাটী, ২৭ নৱেম্বৰঃ ৰাজ্যত আজিৰে পৰা নিষিদ্ধ হ'ল গুটখাকে ধৰি অন্যান্য ধপাতজাত সামগ্ৰী । খাদ্য সুৰক্ষা বিভাগে এক নিৰ্দেশ যোগে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ এই সামগ্ৰী সমূহৰ বিক্ৰী নিষিদ্ধ কৰিছে । খাদ্য সুৰক্ষা আইন ২০১১ অনুসৰি এই নিষিদ্ধকৰণৰ নিৰ্দেশনা জাৰি কৰিছে বিভাগীয় আয়ুক্ত চন্দ্ৰিমা বৰুৱাই । সদ্যহতে এবছৰৰ বাবে ৰাজ্যত নিষিদ্ধ কৰা হৈছে গুটখা আৰু অন্যান্য ধপাতজাত সামগ্ৰী ।
এই সময়চোৱাত এই সামগ্ৰী সমূহৰ বিক্ৰী নিষিদ্ধ কৰাৰ লগতে তেনে জাতীয় সামগ্ৰীৰ হৰ্ডিং আদিও ক'তো আঁৰিব নোৱাৰিব ।