ETV Bharat / state

Gauhati University Election: বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত ৫৮ শতাংশ ভোটদান - Gauhati University news

আদালতৰ হস্তক্ষেপৰ মাজতে বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় (GU post graduate students union elections) । ১০ টা পদৰ বাবে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত ৫৮ শতাংশ ভোটদান হয় । পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্ৰহণ হৈছিল । ২০ অক্টোৱৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ভোটগণনা কৰাৰ লগতে ফলাফল ঘোষণা কৰিব ।

GUs post graduate students union elections held in Guwahati
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত ৫৮ শতাংশ ভোটদান
author img

By

Published : Oct 19, 2022, 8:48 PM IST

গুৱাহাটী, 19 অক্টোবৰ: আদালতৰ হস্তক্ষেপৰ মাজতে বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায় (GU post graduate students union elections) । ১০ টা পদৰ বাবে হোৱা স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ এই ভোটগ্ৰহণত ৫৮ শতাংশ ভোটদান সম্পন্ন হয় । পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণৰ ফলাফল ঘোষণা হ’ব অহা ২০ অক্টোবৰত ৷

উল্লেখ্য যে এইবেলি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ সভাপতি পদত অৰ্ণব বৰ্মণ আৰু কাশ্যপ কল্যাণ গগৈ, উপ-সভাপতি পদত অসীম ভূঞা আৰু নিৰঞ্জন বৰা, সাধাৰণ সম্পাদক পদত মুনিফ ইকবাল আৰু পুণ্যব্ৰত দত্ত, সহকাৰী সাধাৰণ সম্পাদক পদত দলবীৰ সিং, কস্তুৰী শিৱম আৰু মৃগাংক কৃষ্ণ শইকীয়া, সাহিত্য বিভাগৰ সম্পাদক পদত শতাব্দী বৰা আৰু সৌৰভ দেউৰী, সংগীত বিভাগৰ সম্পাদক পদত কস্তুৰী শৰ্মা আৰু সাধনা দেৱী শৰ্মা

ইফালে তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ সম্পাদক পদত আৰিফা মেহেনাজ আৰু দুবৰী কাশ্যপ, লঘু ক্ৰীড়া বিভাগৰ সম্পাদক পদত বিলিপাং দৈমাৰী আৰু মঞ্জিল শইকীয়া, ছাত্ৰী জিৰণি কোঠা সম্পাদিকা পদত দেৱজানী পাল, মৌচুমী ওজা আৰু তৃষ্ণানীলা ডেকা তথা সমাজসেৱা বিভাগৰ সম্পাদক পদত ফজাইল আহমেদ লস্কৰ আৰু নেহা কটকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

ইপিনে গুৰু ক্ৰীড়া বিভাগত বিশ্বজিৎ দৈমাৰী, খেল সম্পাদক পদত হাবেল বড়ো আৰু শৰীৰ চৰ্চা বিভাগৰ সম্পাদক পদত প্ৰভু বড়ো বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে (Gauhati University Election)। মনকৰিবলীয়া যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক পদৰ নিৰ্বাচনত কামৰূপ মহানগৰ দেৱানী আদালতে মঙলবাৰে স্থগিতাদেশ জাৰি কৰিছিল ।

সেই মৰ্মে আদালতৰ নিৰ্দেশৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ৰিৰ্টানিং বিষয়া জগদীশ শৰ্মাই আজি অনুষ্ঠিত হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত বৰ্তমান সাংস্কৃতিক বিভাগৰ সম্পাদক আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদ দুটাত নিৰ্বাচন অনুষ্ঠিত নহয় বুলি জাননী জাৰি কৰিছিল ।

কামৰূপ মহানগৰ দেৱানী আদালতত ৰুজু হোৱা ৫০৪ নম্বৰ এক গোচৰৰ ভিত্তিত কামৰূপ মহানগৰ দেৱানী আদালতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনকলৈ এক নিৰ্দেশনা জাৰি কৰিছিল । গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কৃষানু ফুকনে এই গোচৰটো তৰিছিল ।

কামৰূপ মহানগৰ দেৱানী আদালতত ৰুজু হোৱা ৫০৪ নম্বৰ এক গোচৰৰ ভিত্তিত কামৰূপ মহানগৰ দেৱানী আদালতে দিয়া ৰায় মতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদৰ দুয়োটা পদতে নিৰ্বাচন খেলা প্ৰাৰ্থী দুগৰাকীৰ শ্ৰেণীত ৭৫ শতাংশতকৈ উপস্থিতি কম আছিল । নিয়ম মতে শ্ৰেণী কোঠাত ৭৫ শতাংশ উপস্থিত নাথাকিলে নিৰ্বাচনত অবৰ্তীণ হ'ব নোৱাৰে ।

যাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদৰ নিৰ্বাচনত কামৰূপ মহানগৰ দেৱানী আদালতে মঙলবাৰে স্থগিতাদেশ জাৰি কৰিছিল । মনকৰিবলীয়া যে আদালতে স্থগিতাদেশ জাৰি কৰা সাংস্কৃতিক বিভাগৰ সম্পাদক পদত অভিনাশ শইকীয়া আৰু প্ৰাচুৰ্য হাজৰিকা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । অভিনাশ শইকীয়াৰ শ্ৰেণীত ৭৫% তকৈ উপস্থিতি কম আছিল ।

আনহাতে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচনত জয়ী হোৱা ছাত্ৰী জিৰণি কোঠাৰ সম্পাদক পদত ধীৰাজ কলিতা অৱতীৰ্ণ হৈছিল । আদালতৰ স্থগিতাদেশৰ পিছত এতিয়া বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচনত জয়ী হোৱা ছাত্ৰ জিৰণি কোঠা সম্পাদকৰ পদত স্থগিতাদেশ বাহাল ৰখা হৈছে ।

লগতে পঢ়ক: DU announces first list for UG admission: দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক নামভৰ্তিৰ প্ৰথমখন তালিকা ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.