ETV Bharat / state

Armed robbers at Basistha: বশিষ্ঠত পিষ্টল দেখুৱাই মহিলাক প্ৰাণে মৰাৰ ভাবুকি দুৰ্বৃত্তৰ

মহানগৰীৰ বশিষ্ঠত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস (Armed robbers at Basistha)৷ পিষ্টল দেখুৱাই প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে এগৰাকী মহিলাক । অভিযুক্তটোৰ নাম অভয় তিৱাৰী ৷ ঘটনাক কেন্দ্ৰ কৰি বশিষ্ঠৰ নতুন বজাৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

author img

By

Published : Apr 4, 2023, 9:18 PM IST

Armed robbers at Basistha
মহানগৰীৰ বশিষ্ঠত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস

গুৱাহাটী ৪ এপ্ৰিল : মহানগৰীত বৃদ্ধি পাইছে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস । সোমবাৰে এগৰাকী সাংবাদিকে গাঞ্জা ব্যৱসায়ীৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ নিজৰ পিষ্টলৰে শূন্যলৈ গুলীচালনা (Journalist opens fire at Birubari) কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতে মঙলবাৰে পুনৰ মহানগৰীৰ বশিষ্ঠত এজন অস্ত্ৰধাৰী দুৰ্বৃত্তই চলায় সন্ত্ৰাস ।

জানিব পৰা মতে, মঙলবাৰে বশিষ্ঠৰ নতুন বজাৰত সংঘটিত হয় এই ঘটনাটো । এগৰাকী মহিলাক পিষ্টল দেখুৱাই প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে অস্ত্ৰ ধাৰি দুৰ্বৃত্তটোৱে (Armed robbers at Basistha)। দুৰ্বৃত্তটোৰ নাম অভয় তিৱাৰী ৷

ঘটনাৰ বিৱৰণি অনুসৰি, সোমবাৰে নতুন বজাৰৰ অশোক কানু নামৰ লোকজনৰ বন্ধু উত্তমৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি লৈ যায় অভিযুক্ত অভয় তিৱাৰীয়ে ৷ তাৰ পাচত অভিযুক্ত অভয়ে তিৱাৰীয়ে উত্তমক প্ৰহাৰ কৰে ৷ অভয়ৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় উত্তম নামৰ ব্যক্তিজন ৷ এই ঘটনা সন্দৰ্ভত সোমবাৰে আৰক্ষী থানাত এক গোচৰ দাখিল কৰে অশোক কানু আৰু উত্তমে ৷

এই খবৰ লাভ কৰিয়েই মঙলবাৰে অভিযুক্ত অভয় তিৱাৰীয়ে পিষ্টল লৈ ভয় ভাবুকি প্ৰদান কৰে অশোক কানু আৰু তেওঁৰ পত্নীক । সমগ্ৰ ঘটনাৰ দৃশ্যাংশ ইতিমধ্যে বন্দী হৈছে CCTV কেমেৰাত । যাক লৈ এতিয়া শংকিত হৈ পৰিছে ভুক্তভোগী উত্তম আৰু অশোক কানুৰ পৰিয়াল ৷

ইফালে সাংবাদিকৰ আগত অভিযুক্ত অভয় তিৱাৰীৰ শাহুৱেকে কয় যে, পূৰ্বেও অভয় তিৱাৰীয়ে ATM ত ধন জমা কৰিবলৈ অহা পইচাৰ গাড়ী লুট কৰাৰ চেষ্টা কৰিছিল ৷ যাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল অভয়ক ৷ আনকি বিহাৰত পিষ্টল দেখুৱাই ডকাইতি কৰা এটা ঘটনাৰ লগতো জড়িত আছিল অভয় তিৱাৰী ।

ইমানেই নহয়, পূৰ্বতে ড্ৰাগছৰ ব্যৱসায়ৰ লগতো অভয় তিৱাৰী জড়িত আছিল ৷ যাৰ বাবে ৰঙা ঘৰলৈয়ো অভয় তিৱাৰী যাব লগাত পৰিছিল বুলি উল্লেখ কৰে অভিযুক্ত অভয় তিৱাৰীৰ শাহুৱেকে ।

লগতে পঢ়ক : Firing in Guwahati: মহানগৰীৰ বিৰুবাৰীত সাংবাদিকৰ শূন্যলৈ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.