ETV Bharat / state

Gunasindhu Hazarika is no more : প্ৰবীণ চলচিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ দেহাৱসান

author img

By

Published : Jan 28, 2023, 10:03 PM IST

গুণসিন্ধু হাজৰিকাৰ আৰু নাই (Gunasindhu Hazarika passes away) ৷ সকলোকে কন্দুৱাই শনিবাৰে মহানগৰীৰ হেঙেৰাবাৰীস্থিত নিজ বাসগৃহত ইহলীলা সম্বৰণ কৰে প্ৰবীণ চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে ৷

Gunasindhu Hazarika is no more
গুণসিন্ধু হাজৰিকাৰ আৰু নাই

নিউজ ডেস্ক, 28 জানুৱাৰী : প্ৰবীণ চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ বিদায় (Gunasindhu Hazarika passes away) ৷ সুদীৰ্ঘ সময় ধৰি অসুস্থ হৈ থকাৰ পাচত শনিবাৰে নিশা গুৱাহাটীৰ হেঙেৰাবাৰীত অৱস্থিত হাউচিং কলনিৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ পৰিচালকগৰাকীয়ে (Gunasindhu Hazarika is no more)৷

Gunasindhu Hazarika is no more
নয়নমণিৰ পোষ্টাৰ

অসমীয়া চলচ্চিত্ৰ জগতখনৰ উপৰিও বলীউড আৰু ভোজপুৰী ছবিজগতৰ সৈতেও এসময়ত জড়িত হৈ আছিল হাজৰিকা ৷ তেওঁ জড়িত হৈ থকা এখন অসমীয়া ছবিৰ সম্পাদনা চলি থকাৰ সময়তে সংঘটিত এক দুৰ্ঘটনাত চিৰদিনৰ বাবে দৃষ্টশক্তি হেৰুৱাইছিল গুণসিন্ধু হাজৰিকাই ৷ ছবি আৰু সংস্কৃতিৰ প্ৰতি থকা তেওঁৰ টান কিন্তু ইমানৰ পিচতো কমি যোৱা নাছিল ৷

তেওঁ পৰিচালনা কৰিছিল মহাবাহু চিনে প্ৰডাকচনৰ বেনাৰত ‘‘অবুজ বেদনা’’ নামৰ ছবিখন ৷ পৰৱৰ্তী সময়ত হিন্দী ভাষালৈয়ো ডাবিং কৰা হৈছিল ‘‘অবুজ বেদনা’’ ৷ আনকি শিশুছবি অবুজ বেদনাক হিন্দীত ডাবিং কৰি দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমত সম্প্ৰচাৰ কৰা হৈছিল । বলীউডৰ ‘‘কানুন ৰং লায়েগী’’, ‘‘জব য়াদ কিসিকী আতি হ্যায়’’ নামৰ ছবিকেইখনৰ উপৰিও ‘গৌৰী’ নামৰ ভোজপুৰী ছবিখনৰ সৈতেও জড়িত হৈ আছিল গুণসিন্ধু হাজৰিকা ৷

ইয়াৰ সমান্তৰালভাৱে অসমীয়া আন কেইখনমান ছবি ক্ৰমে মণিৰাম দেৱান, সন্ধ্যাৰাগ, নয়নমণি আদিতো তেওঁ জড়িত হৈ আছিল ৷ দৃষ্টিশক্তি হেৰুওৱাৰ পিচৰে পৰাই তীব্ৰ আৰ্থিক সংকটত ভূগিবলৈ আৰম্ভ কৰে সন্তানহীন হাজৰিকা আৰু তেওঁৰ পত্নীয়ে ৷ আনকি এসময়ত চিকিৎসাৰ বাবেও হাতত ধনৰ অভাৱ ঘটে এইগৰাকী প্ৰবীণ পৰিচালকৰ ৷ চৰকাৰৰ ফালৰ পৰাও বিশেষ কোনো ধৰণৰ সহায় পোৱা নাছিল গুণসিন্ধু হাজৰিকাই ৷

Gunasindhu Hazarika is no more
গুণসিন্ধু হাজৰিকা আৰু নাই

অসমীয়া ছবিৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ 1930 দশকক মাজভাগত নগাঁও জিলাৰ কামপুৰৰ তেতেলিসৰা গাঁৱত জন্ম হৈছিল । তেখেতৰ পত্নীৰ নাম অৰ্পনা মিশ্ৰ হাজৰিকা ৷ 2001 চনত কামৰূপ জিলাৰ উপায়ুক্তই আৰ্থিক দুৰ্যোগত ভোগা হাজৰিকাক উপায়ুক্ত কাৰ্যালয় চৌহদত এটা পিচিঅ’ স্থাপন কৰিবলৈ বিশেষ অনুমতি প্ৰদান কৰিছিল । এই ব্যৱয়াসৰ পৰা হোৱা আয় সামান্য আছিল যদিও কোনোমতে চলি থাকিব পাৰিছিল হাজৰিকাৰ পৰিয়ালটো ।

2009 চনত অসমত এলানি ধাৰাবাহিক বোমা বিস্ফাৰণ সংঘটিত হৈছিল । সেই বিস্ফোৰণৰ পাচতে কৰ্তৃপক্ষই সুৰক্ষাজনিত কাৰণত পিচিঅ’টো উঠাই দিছিল । তাৰ পাচৰে পৰা একমাত্ৰ অসম চৰকাৰৰ শিল্পী পেঞ্চনেৰে চলিবলগীয়া হোৱা হাজৰিকাই চৰম দাৰিদ্ৰৰ সন্মুখীন হৈছিল ।

গুণসিন্ধু হাজৰিকাই 1960 ৰ দশকত মুম্বাইত ৰাজ কাপুৰৰ এখন ছবিৰ স্পটবয়ৰ কামেৰে চলচ্চিত্ৰ জগতত খোজ পেলাইছিল । তেওঁ সন্ধ্যাৰাগ (1977), অনিৰ্বাণ (1981), মণিৰাম দেৱান (1964), ললিতা, আদালত, মৰমী, তৰামাই, নয়নমণি আদি বহুতো ছবিৰ পৰিচালনা সহকাৰী আছিল । স্বাধীনভাৱে পৰিচালনা কৰা তেওঁৰ একমাত্ৰ অসমীয়া ছবিখন হ’ল অবুজ বেদনা (1993) । এইগৰাকী মহান শিল্পীক কামপুৰৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান আৰোহনে কপিলী বঁটা 2018 ৰে (Kapili Award 2018) সন্মানিত কৰে ।

লগতে পঢ়ক : Chinese family in Makum : মাকুমত আজিও আছে চীনামূলীয় পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.