ETV Bharat / state

GU election date declare: ১৯ অক্টোবৰত GU ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন - GU Election 2022 23

১৯ অক্টোবৰত অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন (GU election date declare) ৷ এইবেলি নিৰ্বাচনত ১১ পদত ২৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ইয়াৰে ৪ গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে ।

GU Declares PG Students Union Election 2022 23
১৯ অক্টোবৰত GU ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন
author img

By

Published : Oct 14, 2022, 8:40 PM IST

গুৱাহাটী, ১৪ অক্টোবৰ : গুৱাহাটী বিশ্ববিদ্যালয়ত এতিয়া বলিছে নিৰ্বাচনী গৰম বতাহ‌ (GU Election 2022-23) । আগন্তুক ১৯ অক্টোবৰত অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২২-২৩ বর্ষৰ নিৰ্বাচন (GU Declares PG Students Union Election 2022-23 ) ৷ এইবেলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২২-২৩ বর্ষৰ নিৰ্বাচনত ১১ টা পদৰ বিপৰীতে ২৪ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে ।

ইয়াৰে গুৰু ক্ৰীড়া বিভাগত বিশ্বজিৎ দৈমাৰী, খেল সম্পাদক পদত হাবেল বড়ো, ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত ধীৰাজ কলিতা আৰু শৰীৰ চৰ্চা বিভাগৰ সম্পাদক পদত প্ৰভু বড়ো বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে । এইবেলি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ সভাপতি দৌৰত আছে অৰ্ণব বৰ্মণ আৰু কাশ্যপ কল্যাণ গগৈ ৷

উপ-সভাপতি পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছে অসীম ভূঞা আৰু নিৰঞ্জন বৰাই ৷

লগতে সাধাৰণ সম্পাদক পদত মুনিফ ইকবাল আৰু পুণ্যব্ৰত দত্তই একেলগে দৌৰত নামিছে ৷ আনহাতে, সহকাৰী সাধাৰণ সম্পাদক পদত দলবীৰ সিং, কস্তুৰী শিৱম আৰু মৃগাংক কৃষ্ণ শইকীয়াৰ লগতে সাহিত্য বিভাগৰ সম্পাদক পদত শতাব্দী বৰা আৰু সৌৰভ দেউৰীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷

সংগীত বিভাগৰ সম্পাদক পদত কস্তুৰী শৰ্মা আৰু সাধনা দেৱী শৰ্মাৰ বিপৰীতে সাংস্কৃতিক বিভাগৰ সম্পাদক পদত অভিনাশ শইকীয়া আৰু প্ৰাচুৰ্য হাজৰিকা নিৰ্বাচনী যুদ্ধত নামিছে ৷ ইফালে তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ সম্পাদকৰ দৌৰত নামিছে আৰিফা মেহেনাজ আৰু দুবৰী কাশ্যপ ৷ লগতে লঘু ক্ৰীড়া বিভাগৰ সম্পাদক পদৰ দৌৰত নামিছে বিলিপাং দৈমাৰী আৰু মঞ্জিল শইকীয়াই ৷

উক্ত পদকেইটাৰ উপৰিও, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২২-২৩ বর্ষৰ নিৰ্বাচনত ছাত্ৰী জিৰণি কোঠা সম্পাদিকা পদত দেৱযানী পাল, মৌচুমী ওজা আৰু তৃষ্ণানীলা ডেকা তথা সমাজসেৱা বিভাগৰ সম্পাদক পদত ফজাইল আহমেদ লস্কৰ আৰু নেহা কটকীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

এতিয়া অপেক্ষা মাথো ১৯ অক্টোবৰলৈ ৷ ১৯ অক্টোবৰত ২৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব বেলট বাকচত ৷ সকলোৰে মাথো এটা কথা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত কোনে কোনে উৰুৱাবলৈ সক্ষম হ’ব বিজয় ধ্বজা ৷

লগতে পঢ়ক : President Program at Kalakhetra: শিক্ষাক তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী কৰাৰ আহ্বান ৰাষ্ট্ৰপতি মুৰ্মুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.