ৰঙিয়া, 25 জানুৱাৰী : ৰঙিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ সোমবাৰে জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত হয় এই ঘটনা । বিদ্যালয়ৰ ছাত্ৰাবাসৰ কোঠাৰ দুৱাৰ বন্ধ কৰি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰে এদল দ্বাদশ শ্ৰেণীৰ ছাত্ৰই ৷ এই ঘটনাৰ লগত দহ জন ছাত্ৰ জড়িত থকা বুলি সন্দেহ কৰা হৈছে ৷
ঘটনা অনুসৰি, সোমবাৰে ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয় (Rangia Jawahar Navodaya Vidyalaya) ত ৰঙিয়া ব্ৰিকফিল্ড কলনিৰ এজন দশম শ্ৰেণীৰ ছাত্ৰক বিদ্যালয়খনৰ দ্বাদশ শ্ৰেণীৰ দহগৰাকী ছাত্ৰই বিদ্যালয় চৌহদৰ ভিতৰতে দলবদ্ধভাৱে প্ৰহাৰ কৰে (Senior students attacks one junior at JNV Rangia) ৷
যাৰ ফলত দশম শ্ৰেণীৰ ছাত্ৰজন গুৰুতৰভাৱে আহত হয় ৷ এই ঘটনা সংঘটিত হোৱাৰ পাছতেই আহত ছাত্ৰজনৰ অভিভাৱকে ন্যায় বিচাৰি ৰঙিয়া আৰক্ষীৰ কাষ চাপে ৷ লগতে ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিতেই পৰৱৰ্তী সময়ত ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত দহজন ছাত্ৰক সোধপোছৰ বাবে আটক কৰে ৷ কি পৰিস্থিতিত এই ঘটনা সংঘটিত হ’ল সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই ।
অৱশ্যে এগৰাকী ছাত্ৰীক গালি দিয়াৰ অভিযোগত দশম শ্ৰেণীৰ ছাত্ৰজনক আক্ৰমণ কৰা বুলি উল্লেখ কৰিছে অভিযুক্ত ছাত্ৰকেইজনে । ইফালে গুৰুতৰভাৱে আহত ছাত্ৰজনক প্ৰাথমিক চিকিৎসাৰ বাবে ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ উল্লেখ্য যে, আহত ছাত্ৰজনৰ পিতৃয়ে জনোৱা মতে, এই ঘটনা আগতেও এবাৰ সংঘটিত হৈছিল ৷
লগতে পঢ়ক : আলফাৰ ভাবুকি নাথাকিলেও ধুবুৰীত গণৰাজ্য দিৱসলৈ আছে ভাবুকি