গুৱাহাটী, ৪ জুন: নাগৰিকত্ব সংশোধনী আইনক লৈ অসমবাসী অস্তিত্বৰ সংকটত ভুগি থকাৰ সময়তে দীৰ্ঘম্যাদী ভিছা লৈ অসমত থকা হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গৃহ বিভাগে অতি গোপনে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকললৈ নিৰ্দেশনা জাৰি কৰিছে ।
![illegal migrants](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-govt-instructing-on-bangladeshi-7209925_04062021112110_0406f_1622785870_981.jpg)
উল্লেখ্য যে ২ মাৰ্চত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্রালয়ৰ সচিব প্ৰতাপ সিং ৰাৱাটে এই সন্দৰ্ভত ৰাজ্য চৰকাৰক দিয়া এক নিৰ্দেশৰ ভিত্তিত অসম চৰকাৰৰ ৰাজনৈতিক বিভাগৰ উপ সচিব পাৰিজাত ভূঞাই ১৯ মাৰ্চত এখন জাননী জাৰি কৰে । জাননীখন অনুসৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক দীৰ্ঘম্যাদী ভিছালৈ অসমত বাস কৰা বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ সংখ্যালঘূ মূলৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চি আৰু খ্ৰীষ্টান লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
![illegal migrants](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-govt-instructing-on-bangladeshi-7209925_04062021112110_0406f_1622785870_564.jpg)
নাগৰিকত্ব আইন ১৯৫৫ ৰ ৫ আৰু ৬ নং ধাৰা অনুসৰি সংশ্লিষ্ট লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক ৱেবছাইটত তথ্য আপলোড কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । লক্ষণীয় বিষয় যে ৰাজ্যত নিৰ্বাচনী অধিসূচনা বলবৎ হৈ থকাৰ সময়তে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকললৈ এই নিৰ্দেশ গোপনে জাৰি কৰিছিল ।
![illegal migrants](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-govt-instructing-on-bangladeshi-7209925_04062021112110_0406f_1622785870_834.jpg)
১৯ মাৰ্চতে উপ সচিবে দিয়া NO. PLB 292/2015/245 পত্রখন শেহতীয়াকৈ পোহৰলৈ আহিছে । যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনেও জাননীখনক লৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । এনে প্ৰেক্ষাপটত ৰাজ্যত দীৰ্ঘম্যাদী ভিছালৈ অহা বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ কাম পূৰ্ণোদ্যমে চলি থকা বুলি ধাৰণা কৰিব পাৰি ।
![illegal migrants](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-govt-instructing-on-bangladeshi-7209925_04062021112110_0406f_1622785870_977.jpg)
শেহতীয়াকৈ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ অ-মুছলমান নাগৰিকক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বাবে গৃহ মন্ত্ৰালয়ে জাৰি কৰা জাননীৰ সময়তে মোদী চৰকাৰৰ কাৰ্যকালত হাজাৰ হাজাৰ অবৈধ বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ তথ্য উন্মোচন হৈছে ।
![illegal migrants](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-govt-instructing-on-bangladeshi-7209925_04062021112110_0406f_1622785870_1062.jpg)
আনকি ২০১৯ চনত বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পাছত চুবুৰীয়া বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ ৩৯২ জন লোকক ভাৰত চৰকাৰে নাগৰিকত্ব প্ৰদান কৰিছিল । গৃহ মন্ত্ৰালয়ৰ প্ৰতিবেদনত বিদেশীক নাগৰিকত্বৰ এই পৰিসংখ্যা প্ৰকাশ পাইছে ৷ মোদী চৰকাৰৰ কাৰ্যকালত তিনিওখন চুবুৰীয়া ৰাজ্যৰ সৰ্বমুঠ ১৮,৭৩৭ জন বিদেশীয়ে নাগৰিকত্ব লাভ কৰিছে।
![illegal migrants](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-govt-instructing-on-bangladeshi-7209925_04062021112110_0406f_1622785870_547.jpg)
উল্লেখ্য যে অসমবাসীৰ ব্যাপক প্ৰতিবাদৰ পাছতো নৰেন্দ্ৰ মোদী চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈ বিভিন্ন কৌশলৰে উঠিপৰি লাগিছে।
লগতে পঢ়ক:গোলাঘাটত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন