ETV Bharat / state

Assam Sahitya Sabha in crisis: ৬৫ লাখ টকাৰ ঋণত পোত গৈ আছে অসম সাহিত্য সভা - আৰ্থিক অনাতনৰ মাজত আছে অসম সাহিত্য সভা

ৰাজনৈতিক দলৰ মেৰপেচত অসম সাহিত্য সভা । মন্ত্ৰী-বিধায়কৰ আশিস নল’লে নচলে অসম সাহিত্য সভা । চুক্তিমতে টকা দিব পৰা নাই আদৰণি সমিতিয়ে ৷ কৰ্মচাৰীক ঋণ লৈ দৰমহা দিছে সভাই । দুটা বৰ্ষত চৰকাৰৰ পৰা পাবলৈ আছে ২ কোটি টকা(Press Meet of Assam Sahitya Sabha) ।

Assam Sahitya Sabha in crisis
অসম সাহিত্য সভাৰ সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা
author img

By

Published : Jan 29, 2023, 6:36 PM IST

Updated : Jan 29, 2023, 8:17 PM IST

অসম সাহিত্য সভাৰ সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা

গুৱাহাটী,২৯ জানুৱাৰী: চৰকাৰী পষ্ঠপোষকতা ল’ব লগা হৈছে সাহিত্য সভাই ৷ এই কথা স্বীকাৰ কৰিছে অসম সাহিত্য সভাৰ সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই । অসম সাহিত্য সভাৰ নাৰায়ণপুৰ ষষ্ঠসপ্ততিতম অধিবেশনলৈ মাত্ৰত মাত্ৰ এটা দিন(67th Assam Sahitya Sabha conference) । পিছে অধিৱেশৰ শেষৰ দিনৰ কাৰ্যসূচীক লৈ সৰ্বত্ৰে চলিছে চৰ্চা । অধিবেশনৰ কাৰ্যসূচীত মুখ্য অতিথিৰ পৰা আৰম্ভ কৰি উদ্বোধকলৈ আছে ৰাজনৈতিক নেতাৰ নাম । ইয়াৰ পাছতেই খোদ অসম সাহিত্য সভা বৰ্তমানৰ সম্পাদকে স্বীকাৰ কৰি কৈছে যে চৰকাৰৰ পৃষ্ঠপোষকতা ল'বলৈ বাধ্য সাহিত্য সভা ।

ৰাজনৈতিক দলসমূহক এৰিব নোৱাৰে অসম সাহিত্য সভাই । কাৰণ কৰ্মচাৰীসকলৰ দৰমহা দিবলৈও চৰকাৰৰ ওচৰত হাত পাতিব লগা হয় সাহিত্য সভাই ৷ বৰ্তমান আৰ্থিক অনাটনৰ মাজত আছে অসম সাহিত্য সভা(Assam Sahitya Sabha in crisis) । ঋণ ল'ব লগা অৱস্থা হৈছে সাহিত্য সভাৰ । কৰ্মচাৰীসকলকো ঋণ লৈ দৰমহা দিছে সাহিত্য সভাই । এইবাৰৰ অধিৱেশক লৈ ১০ লাখ টকাত চুক্তি সম্পাদন কৰিছিল আদৰণি সমিতিয়ে । পিছে আঢ়ৈ লাখহে দিছে আদৰণি সমিতিয়ে । চুক্তিমতে টকা দিব পৰা নাই আদৰণি সমিতিয়ে ৷ যাৰ বাবে আৰ্থিক অনাটনৰ সৃষ্টি হৈছে অধিৱেশনৰ আয়োজনক লৈ ।

আনহাতে চৰকাৰৰ পৰা পাব লগা ধনো পোৱা নাই সাহিত্য সভাই । ২০২১-২২ বৰ্ষত সাহিত্য সভাই চৰকাৰৰ পৰা ১ কোটি ৪৫ লাখ টকা পাব লগা আছিল ৷ কিন্তু ৪৫ লাখ টকাহে পাইছিল সভাই । প্ৰায় দুটা বৰ্ষ মিলি চৰকাৰৰ পৰা অসম সাহিত্য সভাই পাবলৈ আছে ২ কোটি টকা । ইপিনে ৬৫ লাখ টকা ঋণত আছে অসম সাহিত্য সভা ।

উল্লেখ্য যে অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলে দৰমহা বিচাৰি বহিছিল প্ৰতিবাদত(Assam Sahitya Sabha employees sit on protest) । এবাৰ দুবাৰ নহয় প্ৰায় ছয়বাৰ প্ৰতিবাদত বহিব লগা হৈছিল কৰ্মচাৰীসকল । তেওঁলোকে অভিযোগ কৰিছিল যে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা নকৰে অসম সাহিত্য সভাৰ সভাপতিয়ে । ইয়াৰ পাছত সাহিত্য সভাৰ সম্পাদকে আৰ্থিক অনাটনৰ বাবে দৰমহা দিব নোৱৰাৰ কথা কথা নিজেই স্বীকাৰ কৰিছে । যাৰ বাবে শেষত ঋণ লৈ কৰ্মচাৰীক দৰমহা দিব লগা অৱস্থাত হয় সাহিত্য সভাৰ ।

ইফালে শ্বেৰমান আলি, বদৰুদ্দিন আজমলৰ মন্তব্যক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া আৰু সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই ৷ নিজৰ ৰাজনৈতিক মুনাফা আৰু এটা বিশেষ শ্ৰেণীক প্ৰধান্য দিয়াৰ বাবে জনপ্ৰতিনিধি কেইগৰাকীয়ে এনে মন্তব্য কৰা বুলি উল্লেখ কৰে তেওঁলোকে । তেওঁলোকে কয় যে, ধৰ্ম, ৰাজনীতিৰ কথা নাহে অসম সাহিত্য সভাত । অধিৱেশনখন সফল সমাপ্তি হ’ব লাগে বুলি মন্তব্য কৰে তেওঁলোকে । মুঠতে প্ৰতিবাৰে বিৰ্তকত সোমাই পৰে অসম সাহিত্য সভা । এইবাৰো ব্যতিক্ৰম নহয় ৷ নাৰায়ণপুৰ ষষ্ঠসপ্ততিতম অধিবেশনক লৈ এতিয়া সৰ্বত্ৰে চলিছে ব্যাপক চৰ্চা ।

লগতে পঢ়ক: Press Conference of Sahitya Sabha: অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত

Last Updated : Jan 29, 2023, 8:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.