ETV Bharat / state

Mission Flood Free Guwahati: বানমুক্ত কৰাৰ বাবে বাহিনী নৈৰ কাষৰ ভূমিও অধিগ্ৰহণ কৰিব চৰকাৰে

গুৱাহাটী মহানগৰীক কৃত্ৰিম বানৰ সমস্যাৰ পৰা সকাহ দিয়াৰ স্বাৰ্থত প্ৰয়োজনীয় সকলো ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে । গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত সোমবাৰে অনুষ্ঠিত ‘মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ৰ এক বৈঠকত এই সম্বন্ধীয় এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Mission Flood Free Guwahati)।

government will encraochment bahini river land
কঠোৰ পদক্ষেপ ৰাজ্য চৰকাৰৰ
author img

By

Published : Mar 28, 2023, 7:31 AM IST

গুৱাহাটী, 28 মাৰ্চ : কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্য চৰকাৰ ৷ যিকোনো উপায়েৰে এইবাৰ গুৱাহাটীক বানমুক্ত কৰাৰ বাবে দায়বদ্ধ চৰকাৰ (Artificial flood in Guwahati) ৷ বাহিনী নদীৰ কাষৰ কিছু কিছু অংশত হোৱা বেদখল আৰু নিৰ্মাণকাৰ্যৰ বাবে নদীখন ঠেক হৈ পানী সংবহনত হোৱা অসুবিধাৰ দিশলৈ লক্ষ্য ৰাখি অতি সোনকালে এনে স্থানসমূহ বেদখলমুক্ত কৰাৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে প্ৰশাসনক নিৰ্দেশ দিয়ে (Government will encraochment Bahini river land) ।

বাহিনী নদীৰ কিছু কিছু ঠাই বেদখলকাৰীৰ নামত ইতিপূৰ্বে নিষ্পত্তি হোৱাৰ দিশটোলৈ লক্ষ্য ৰাখি প্ৰয়োজন সাপেক্ষে শিলসাকোঁ বিলৰ ক্ষেত্ৰত কৰাৰ দৰে এনে নিষ্পত্তিকৃত ভূমি পুনৰ অধিগ্ৰহণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈয়ো তেওঁ প্ৰশাসনক নিৰ্দেশ দিয়ে (Bahini river land encroachment) । মন্ত্ৰী সিংহলে গুৱাহাটী জল ব'ৰ্ডৰ বিষয়ববীয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হয় আৰু বৃহত্তৰ গুৱাহাটীৰ পানীযোগান আঁচনিৰ শেহতীয়া স্থিতিৰ পৰ্যালোচনা কৰে আৰু কাম-কাজ সুষম গতিত আগবঢ়াই নিবলৈ কৰ্তব্যত নিয়োজিত পক্ষসমূহক নিৰ্দেশনা প্ৰদান কৰে ।

government will encraochment bahini river land
মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত বৈঠক

আন এক বৈঠকত মন্ত্ৰী সিংহলে গুৱাহাটী মহানগৰীৰ যান-বাহন ব্যৱস্থাপনাৰ শেহতীয়া স্থিতিৰো বুজ লয় ৷ বিভিন্নধৰণৰ নিৰ্মাণ কার্য তথা জল ব’ৰ্ডকে ধৰি বিভিন্ন পক্ষই কৰা খননৰ বাবে গুৱাহাটী মহানগৰীৰ প্ৰায়বোৰ পথতে হোৱা যান-জঁটৰ সমস্যাত উদ্বিগ্নতা প্ৰকাশ কৰি বিশেষকৈ জল ব’ৰ্ডৰ পাইপ বহুওৱাৰ কাম-কাজ দিনে-ৰাতিয়ে কৰি তৎকালে সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰিবলৈ তেওঁ সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়ে ।

একেদৰে বিভিন্ন কাম-কাজৰ বাবে প্ৰয়োজন হোৱা গুৱাহাটী মহানগৰীৰ পথ খননৰ ব্যৱস্থা শৃংখলাবদ্ধ কৰাৰ বাবে অহা ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ এক মানক পৰিচালন ব্যৱস্থা (এছ অ’ পি) জাৰি কৰিবলৈয়ো তেওঁ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তক নিৰ্দেশ দিয়ে । বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকল, ‘মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ তথা জল ব'ৰ্ডৰ বিষয়ববীয়াসকল, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত আৰু সংশ্লিষ্ট প্ৰকল্পকেইটাৰ অন্যান্য অংশীদাৰী পক্ষসমূহো উপস্থিত থাকে ।

লগতে পঢ়ক : ECI team in Guwahati : গুৱাহাটীত 11 টা ৰাজনৈতিক দলৰ সৈতে ECI ৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.