ETV Bharat / state

এন এফ এছ এ হিতাধিকাৰীৰ বছৰি ৫ লাখ টকালৈ চিকিৎসা ব্যয় বহন কৰিব চৰকাৰে : স্বাস্থ্য মন্ত্রী

author img

By

Published : Sep 23, 2022, 10:53 PM IST

গুৱাহাটীত আয়ুষ্মান ভাৰত দিৱসত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ ঘোষণা(Health Minister Keshab Mahanta ) । আয়ুষ্মান ভাৰত কাৰ্ডৰ বাবে ঘৰে ঘৰে গৈ সম্পন্ন কৰা হ'ব ই-কে ৱাই চি। ৰাজ্য চৰকাৰৰ অটল অমৃত অভিযানৰ হিতাধিকাৰীসকলকো এতিয়াৰে পৰা আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনিৰ দৰেই বিভিন্ন ৰোগৰ ১,৫৭৮ প্ৰকাৰৰ চিকিৎসা সুবিধা আগবঢ়াবলৈ স্বাস্থ্য বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

Government will bear medical expenses of NFSA beneficiaries up to Rs 5 lakh per annum
এন এফ এছ এ হিতাধিকাৰীৰ বছৰি ৫ লাখ টকালৈ চিকিৎসা ব্যয় বহন কৰিব চৰকাৰে : স্বাস্থ্য মন্ত্রী

গুৱাহাটী,২৩ ছেপ্টেম্বৰঃ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন এফ এছ এ) আঁচনিৰ অন্তৰ্ভুক্ত অসমৰ সকলো হিতাধিকাৰী পৰিয়ালেই শীঘ্ৰে লাভ কৰিব 'আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা'ৰ অধীনৰ বছৰি পাঁচ লাখ টকা পৰ্যন্ত স্বাস্থ্য নিশ্চয়তাৰ সুবিধা । গুৱাহাটীত আজি অটল অমৃত অভিযান সমিতিৰ উদ্যোগত আয়োজিত আয়ুষ্মান ভাৰত দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই এই কথা ঘোষণা কৰে(Ayushman bharat divash)।

উল্লেখ্য যে ভাৰত চৰকাৰৰ অভিলাষী স্বাস্থ্য নিশ্চয়তা আঁচনি 'আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা'ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰে সংগতি ৰাখি অসমত এই আঁচনি ৰূপায়ণৰ দায়িত্বত থকা ন'ডেল এজেন্সি অটল অমৃত অভিযান সমিতিয়ে খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত শুক্ৰবাৰে এই দিৱসৰ আয়োজন কৰে(Atal amrit abhijan samitee) । অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহে যাতে ধনৰ অভাৱত জৰুৰী তথা উন্নত চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হ'ব লগা নহয়, সেয়া সুনিশ্চিত কৰিবলৈ অসম চৰকাৰে প্ৰয়াস চলাইছে । এই দিশত অসম চৰকাৰে নিজাকৈ স্বাস্থ্য নিশ্চয়তা প্ৰদানৰ অভিলাষী আ‍চঁনি অটল অমৃত অভিযান ৰূপায়ণ কৰি দুখীয়া লোকসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে ভাৰত চৰকাৰৰ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনিখনো ৰাজ্যখনত বিগত চাৰি বছৰ ধৰি সফলতাৰে ৰূপায়ণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে(Health Minister Keshab Mahanta ) ।

আয়ুষ্মান ভাৰত আঁচনিখনৰ অধীনত ৰাজ্যখনৰ সকলো যোগ্য ব্যক্তিক সামৰি ল’বলৈও স্বাস্থ্য বিভাগে শেহতীয়াকৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । স্বাস্থ্যমন্ত্ৰী মহন্তই কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শৰ আধাৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আঁচনিত অন্তৰ্ভুক্ত সকলো ৰেচনকাৰ্ডধাৰী হিতাধিকাৰী পৰিয়ালেই বছৰি পাঁচ লাখ টকা পৰ্যন্ত ব্যয়ৰ চিকিৎসা সেৱা চৰকাৰী খৰছত লাভ কৰিব পৰাকৈ তেওঁলোকক শীঘ্ৰে আয়ুস্মান ভাৰত কাৰ্ড প্ৰদানৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে(National food security act ) ।

এন এফ এছ এৰ তথ্যৰ সহায়ত এই পৰিয়ালসমূহক বাচি উলিয়াই তেওঁলোকৰ ঘৰে ঘৰে গৈ ই-কে ৱাই চি সম্পূৰ্ণ কৰাৰ লগতে আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তত কৰিবলৈ স্বাস্থ্য বিভাগে বিশেষ অভিযান অভিযান চলাব(Ayushman Bharat card to NFSA beneficiaries) । ইয়াৰ বাবে ইতিমধ্যে পৰিকল্পনা চূড়ান্ত কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত দুখীয়া পৰিয়ালৰ লোকক চৰকাৰী খৰচত চিকিৎসা সেৱা প্ৰদানৰ বাবে মুঠ ৩৩৭খন চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক এই আঁচনিৰ তালিকাভুক্ত চিকিৎসালয় হিচাপে নিৰ্দিষ্ট কৰা হৈছে ।

এই আঁচনিৰ জৰিয়তে বিভিন্ন ৰোগৰ ক্ষেত্ৰত ১,৫৭৮ প্ৰকাৰৰ চিকিৎসা সেৱা হিতাধিকাৰী ৰোগীৰ বাবে উপলব্ধ কৰা হৈছে । বৰ্তমানলৈকে ৰাজ্যখনৰ ২.৮ লাখৰো অধিক লোকে চৰকাৰী খৰচত উন্নত তথা জৰুৰী চিকিৎসা সেৱা লাভ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে সদৰি কৰে । আনহাতে ৰাজ্য চৰকাৰৰ অটল অমৃত অভিযানৰ হিতাধিকাৰীসকলকো এতিয়াৰে পৰা আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনিৰ দৰেই বিভিন্ন ৰোগৰ ১,৫৭৮ প্ৰকাৰৰ চিকিৎসা সুবিধা আগবঢ়াবলৈ স্বাস্থ্য বিভাগে থিৰাং কৰা বুলি তেওঁ প্ৰকাশ কৰে ।

অনুষ্ঠানত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনিখনৰ হিতাধিকাৰী ৰোগীক উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ বাবে মহানগৰীৰ এপ’ল' হাস্পতাল আৰু আয়ুৰচন্দ্ৰা হাস্পতালক স্বীকৃতি পত্ৰ প্ৰদান কৰা হয় । তদুপৰি আয়ুষ্মান ভাৰত দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা অনলাইন কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলকো অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে পুৰস্কাৰ প্ৰদান কৰে । অনুষ্ঠানটোত মহানগৰীৰ বহুকেইখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকৰ লগতে যথেষ্ট সংখ্যক হিতাধিকাৰী উপস্থিত থাকে ।

অনুষ্ঠানত ৰাজ্য চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব তথা অটল অমৃত অভিযান সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ সিদ্ধাৰ্থ সিং, ৰাজ্যৰ স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) তথা অটল অমৃত অভিযান সমিতিৰ উপ মুখ্য কাৰ্যবাহী বিষয়া কমলজিত তালুকদাৰ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰৰ সঞ্চালক ডাঃ বসন্ত কুমাৰ বৈশ্য, ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ অধীক্ষক ডাঃ দেৱজিত চৌধুৰীয়ে অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক: সমাগত দুৰ্গোৎসৱ, প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত তেজপুৰৰ মৃৎশিল্পীসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.