ETV Bharat / state

Retirement benefits to Anganwadi workers: অংগনৱাড়ী কৰ্মী আৰু সহায়িকালৈ চৰকাৰৰ অৱসৰকালীন সাহায্য প্ৰদান

author img

By

Published : Mar 23, 2023, 9:11 AM IST

অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত অৱসৰ গ্ৰহণ কৰা অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলক প্ৰদান কৰা হয় অৱসৰকালীন সাহায্য (Retirement benefits to Anganwadi workers) । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ 2022 চনৰ এক এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ 60 বছৰ সম্পূৰ্ণ হোৱা অংগনৱাড়ী কৰ্মীসকলক এককালীন 4 লাখ টকা আৰু সহায়িকাসকলক 2 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হয় ৷

Retirement assistance to Anganwadi workers
কলাক্ষেত্ৰত অংগনৱাড়ী কৰ্মী-সহায়িকালৈ চৰকাৰৰ অৱসৰকালীন সাহায্য প্ৰদান
অংগনৱাড়ী কৰ্মী-সহায়িকালৈ চৰকাৰৰ অৱসৰকালীন সাহায্য

গুৱাহাটী, 23 মাৰ্চ: অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত মহানগৰীৰ পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত 22 মাৰ্চত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান ৷ এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলক প্ৰদান কৰা হয় অৱসৰকালীন সাহায্য (Retirement benefits to Anganwadi workers)।

অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ লগতে উপস্থিত থাকে মহিলা আৰু শিশু বিকাশ বিভাগ তথা বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকল (Government assistance to Anganwadi workers) ৷

অনুষ্ঠানত 2022 চনৰ এক এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ 60 বছৰ সম্পূৰ্ণ হোৱা অংগনৱাড়ী কৰ্মীসকলক এককালীন 4 লাখ টকা আৰু সহায়িকা সকলক 2 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হয় ৷ এই আঁচনিৰ জড়িয়তে 793 গৰাকী অংগনৱাড়ী কৰ্মী আৰু সহায়িকাক সাহায্য প্ৰদান কৰা হৈছে ৷ লগতে এই আঁচনিৰ জড়িয়তে 10 বছৰ ধৰি সেৱা আগবঢ়াই স্ব-ইচ্ছাই অৱসৰ লোৱা সকললৈ বা অকালতে মৃত্যুক সাৱটি লোৱা সকলৰ পৰিয়াললৈ 50 শতাংশ পৰ্যন্ত সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰ বাৱে 26 কোটি 64 লাখ টকা ধাৰ্য কৰা হৈছে (Retirement assistance to Anganwadi workers in Assam) ৷

এই অনুস্থানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে অৱসৰ গ্ৰহণৰ পিছত অংগনৱাড়ী কৰ্মী-সহায়িকা সকলক সাহায্য প্ৰদান কৰা অসমেই হৈছে দেশৰ একমাত্ৰ ৰাজ্য ৷ ইয়াৰ পূৰ্বে দেশৰ কোনো ৰাজ্যতে এনেদৰে অংগনৱাড়ী কৰ্মী-সহায়িকা সকলক সাহায্য প্ৰদান কৰা হোৱা নাই ৷ 2022 চনৰ পূৰ্বে বহু অংগনৱাড়ী কৰ্মী-সহায়িকাই অৱসৰ অৱসৰ গ্ৰহণ কৰিছে ৷ এই আঁচনিৰ জৰিয়তে তেওঁকলোকক কিছু সকাহ দিয়াৰ চেষ্টা কৰিছোঁ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

যোৱা বছৰত আমি এহাজাৰ অংগনৱাড়ী কেন্দ্ৰ নতুনকৈ নিৰ্মাণ কৰিছিলো ; এইবাৰ 4 হাজাৰ অংগনৱাড়ী কেন্দ্ৰ নতুনকৈ পুনৰ নিৰ্মাণ কৰা হ'ব বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক:Assam tutor protest : চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে ক্ষোভ টিউটৰ শিক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.