ETV Bharat / state

Help line number for elderly persons: বয়োজেষ্ঠ নাগৰিকৰ বাবে হেল্পলাইন নম্বৰ ১৪৫৬৭ মুকলি

author img

By

Published : Aug 5, 2022, 3:16 PM IST

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ (Ministry of Social Justice and Empowerment) অধীনত ৰাষ্ট্ৰীয় সামাজিক প্ৰতিৰক্ষা প্ৰতিষ্ঠানে আৰম্ভ কৰা বয়োজেষ্ঠ নাগৰিকৰ বাবে ৰাষ্ট্ৰীয় হেল্পলাইন কাৰ্যসূচী অসমত ৰূপায়ণ কৰাৰ বাবে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে ( Government laushes National helpline number 14567 for senior citizens) ।

Government laushes National helpline number 14567 for senior citizens
বয়োজেষ্ঠ নাগৰিকৰ বাবে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ-১৪৫৬৭ মুকলি

গুৱাহাটী, 5 আগষ্ট: ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ (Ministry of Social Justice and Empowerment) অধীনত ৰাষ্ট্ৰীয় সামাজিক প্ৰতিৰক্ষা প্ৰতিষ্ঠানে আৰম্ভ কৰা বয়োজেষ্ঠ নাগৰিকৰ বাবে ৰাষ্ট্ৰীয় হেল্পলাইন (Elderline14567) কাৰ্যসূচী অসমত ৰূপায়ণ কৰাৰ বাবে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে ( Government laushes National helpline number 14567 for senior citizens) ।

এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত তথ্যসমূহ আহৰণৰ বাবে অলংকিত এছাইনমেণ্ট লিমিটেডক সমাজ কল্যাণ বিভাগ (Department of social welfare) আৰু জিলা প্ৰশাসনৰ হৈ কাম কৰিবলৈ দায়িত্ব অর্পণ কৰা হৈছে । উল্লেখ্য যে, বয়োজেষ্ঠ নাগৰিকৰ বাবে ৰাষ্ট্ৰীয় সহায়ৰ অধীনত বয়োজেষ্ঠসকলৰ বাবে বৃদ্ধাশ্ৰম, স্বাস্থ্য সেৱা, শাৰিৰীক কার্যকলাপ, ফিজিঅ'থেৰাপী, ডে’কেয়াৰ সেৱা, যত্নমূলক সেৱা ইত্যাদি সেৱাসমূহ প্ৰদান কৰা হ'ব ।

লগতে, আইন সম্পৰ্কীয়, তত্বাৱধান আৰু বৃদ্ধ পেঞ্চন সম্পৰ্কীয় সেৱা লাভৰ বাবে প্ৰয়োজনীয় নেতৃত্ব গ্ৰহণ কৰিব । বৃদ্ধাৱস্থাত সন্মুখীন হোৱা জীৱনৰ সমস্যা, আত্মীয়ৰ সৈতে সম্পৰ্ক ৰক্ষা, অকলশৰীয়া অনুভৱ তথা মানসিক উত্তৰণৰ দিশতো সেৱা উপলব্ধ হ'ব । ইয়াৰ বাবে হেল্পলাইন নম্বৰ-১৪৫৬৭ মুকলি কৰি দিয়া হৈছে আৰু জিলা প্ৰশাসন, আৰক্ষী বিভাগ, স্বাস্থ্য বিভাগ, মহকুমা প্ৰশাসন, জিলা পৰিষদ, পৌৰ নিগম, জিলা আইন সম্পৰ্কীয় সেৱা প্ৰাধিকৰণ আৰু চক্ৰ বিষয়াই এই হেল্পলাইনৰ জৰিয়তে বয়োজেষ্ঠ নাগৰিকৰ প্ৰয়োজন সম্পৰ্কে জানিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক: Pulwama grenade blast: পুলৱামাত বহিঃৰাজ্যৰ শ্ৰমিকলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ, বিস্ফোৰণত নিহত এজন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.