গুৱাহাটী,19 এপ্ৰিলঃ 21 এপ্ৰিল অৰ্থাৎ মঙলবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব ৰাজ্যৰ চৰকাৰী কৰ্যালয়সমূহৰ কাম-কাজ ৷ কিন্তু 100 শতাংশ কৰ্মচাৰীৰ পৰিৱৰ্তে ৩৩ শতাংশ কৰ্মচাৰীৰ উপস্থিতিতহে কাম-কাজ চলিব কাৰ্যালয় সমূহত ৷ লক ডাউন বাহাল থকাৰ বাবেই কৰ্মচাৰীসকলক নিজ নিজ কাৰ্যালয়লৈ অনা নিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব ৷ কিন্তু ইয়াৰ বিপৰীতে অসম সচিবালয়ৰ উচ্চ পদস্থ বিষয়াসকল প্ৰতিদিনেই উপস্থিত থাকিব লাগিব কাৰ্যালয়ত ৷
দেওবাৰে এই ইটিভি ভাৰতৰ আগত এই কথা ব্যক্ত কৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতাই ৷ কৰ্মচাৰীসকলক অনা নিয়া কৰা বাহনসমূহ পৰ্যাপ্ত পৰিমাণে ছেনিটাইজেশ্যন কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ লগতে এইক্ষেত্ৰত অসম চৰকাৰৰ স্বাস্থ্য় বিভাগৰ গাইডলাইনসমূহ পালন কৰাৰ বাবে কৰ্মচাৰীসকলক আহ্বান জনায় কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা গৰাকীয়ে ৷ অহা 3 মে’ত পিছত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰিহে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷
লগতে পঢ়ক-প্ৰধানমন্ত্ৰী ধনজন যোজনাৰ আঁচনি ধন বিতৰণক লৈ ৰঙাপৰাত উত্তপ্ত পৰিস্থিতি