ETV Bharat / state

চৰকাৰী আয়ুৰ্বেদিক হাস্পতালত কোভিড-19 হাস্পতালৰ প্ৰস্তুতি

author img

By

Published : May 27, 2020, 7:46 PM IST

মহাবিদ্যালয় খনত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷ পৰিদৰ্শনৰ অন্তত মহাবিদ্যালয় চিকিৎসক তথা বিভাগসমূহৰ বিষয়াৰে বাৰ্তালাপ কৰে বিধায়ক গৰাকীয়ে ৷

Government ayurbedic college will be Covid hospital soon
চৰকাৰী আয়ুৰ্বেদিক হাস্পতালত কোভিড-19 হাস্পতালৰ প্ৰস্তুতি

গুৱাহাটী, 27 মে': ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ সমান্তৰালকৈ ভৰি পৰিছে ৰাজ্যৰ কোৱাৰেন্টাইন কেন্দ্ৰ সমুহ ৷ ফলত ৰাজ্যৰ লগতে মহানগৰীৰ বহুকেইখন হাস্পতালক কোভিড-19 হাস্পতাল হিচাপে ঘোষণা কৰিছে চৰকাৰে ৷ সেই অনুসৰি মহানগৰীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় হাস্পতালকো কোভিড-19 হাস্পতাল ৰূপে ঘোষণা কৰা হৈছে ৷ বিভাগে জনোৱা অনুসৰি চৰকাৰী মহাবিদ্যালয়খনত প্ৰায় 100 গৰাকী কৰ'ণা আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰা হ'ব ৷ ৰাজ্য চৰকাৰৰ ঘোষণাৰ পিছতেই বৰ্তমান আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ হাস্পতালত চলি আছে পুণৰ নিৰ্মাণৰ কাম ৷ অহা 1 জুনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব হাস্পতালখনৰ কাম কাজ ৷

বুধবাৰে মহাবিদ্যালয় খনত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷ পৰিদৰ্শনৰ অন্তত মহাবিদ্যালয় চিকিৎসক তথা বিভাগসমূহৰ বিষয়াৰে বাৰ্তালাপ কৰে বিধায়ক গৰাকীয়ে ৷ ইতিমধ্যেই আয়ুৰ্বেদিক সম্পূৰ্ণ হৈ উঠিছে মহাবিদ্যালয় খনৰ কোভিড-19 হাস্পতালৰ 80 শতাংশ কাম ৷

লগতে পঢ়কঃ বকোত বানৰ ফলত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.