গুৱাহাটী, 5 মাৰ্চঃ সোমবাৰে গড়কাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ যোগদান কাৰ্যসূচী অনুস্থিত হয়। এই অনুস্থানত গোর্খা ছাত্ৰ সন্থাৰ সভাপতি প্ৰেম টামাঙৰ নেতৃত্বত কেইবাজনো গোর্খা ছাত্ৰ সন্থাৰ নেতা কৰ্মীয়ে যোগদান কৰে। সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোগদান কৰা সকলক আন্তৰিক অভিনন্দন জনায় ।
লগতে পঢ়কঃ বিধানসভাৰ মজিয়াত বাকযুদ্ধত লিপ্ত দুই জ্যেষ্ঠ অগপ নেতা
বিজেপিত যোগদান কাৰ্যসূচীত উপস্থিত থাকি বৰাক ব্ৰহ্মপুত্ৰৰ সকলোতে কাম কৰি ভাৰতৰ শ্রেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰিব বুলি আশা ব্যক্ত কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ অসমৰ শান্তি ভংগ কৰাৰ বহুতে ষড়যন্ত্ৰ কৰিছে, সেয়েহে আমি সকলোৱে মিলি ইয়াক প্ৰতিহত কৰিব লাগিব বুলি মুখ্যমন্ত্ৰী সোণোৱালে আহ্বান জনাই । উল্লেখ্য যে বৃহস্পতিবাৰৰ এই যোগদান কাৰ্যসূচীত সভাপতি ৰঞ্জিত দাস ,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত বহু কেইজন বিধায়ক উপস্থিত থাকে ।