গুৱাহাটী,১৪ মাৰ্চ: অসমীয়া চিনেমা জগতৰ প্ৰতিকূল পৰিৱেশকো নেওচি ইখনৰ পাছত সিখন ছবি নিৰ্মাণ হৈ আছে । তথ্য অনুসৰি, বৰ্তমানলৈকে প্ৰায় ৩০ খনৰো অধিক অসমীয়া চলচ্চিত্ৰ নিৰ্মীয়মান অৱস্থাত আছে । বিগত জানুৱাৰীত নিৰ্মাণৰ শুভাৰম্ভ কৰা অসমীয়া চলচ্চিত্ৰ 'গংগা-এখনি বোৱতী হিয়া'ৰ সম্প্ৰতি দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে । কেবাখনো সফল অসমীয়া ছবিৰ পৰিচালক মনি সিনহাই পৰিচালনা কৰা ছবিখন প্ৰযোজনা কৰিছে বাচ্ছু ৰয়ে ।
নাৰীকেন্দ্ৰিক ছবিখনৰ কাহিনী,চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে জনপ্ৰিয় নাট্যকাৰ তথা পৰিচালক অভিজিৎ ভট্টাচাৰ্যই । জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে মূল চৰিত্ৰত অভিনয় কৰাৰ লগতে অন্যান্য চৰিত্ৰসমূহ ৰূপায়ণ কৰিছে ক্ৰমে ৰাগ ঐনিতম, অৰূপ বৈশ্য, মুনমী কলিতা, যোগেশ কাশ্যপ, সঞ্জীৱ শৰ্মা, প্ৰণৱ শৰ্মা, ভাৰ্গৱ কটকী, অমিতাভ ৰাজখোৱা, বিশাল গগৈ, দীপাংকৰ, ভৈৰৱজ্যোতি ভূঞা, শিশু শিল্পী বেবী সৃষ্টি, অভিলাষা ডেকাৰ লগতে বহু ন-পুৰণি শিল্পীয়ে । সম্পাদনা সমুজ্জল কাশ্যপৰ । সংগীত পৰিচালক অজয় ফুকন । উল্লেখ্য যে, আগষ্টত গংগা ছবিখনি চিত্ৰগৃহলৈ অহাৰ কথা ।
লগতে পঢ়ক: নাচি-বাগি ভোটাৰক আকৰ্ষণৰ চেষ্টা বিমল বৰাৰ