গুৱাহাটী, ফেব্ৰুৱাৰী ১৫: গুৱাহাটী চাহ নিলাম কেন্দ্ৰই পুনৰ গঢ়িলে অভিলেখ । বিশ্বখ্যাত অসমৰ চাহপাতে পুনৰ এক ইতিহাস ৰচনা কৰিলে । অসমৰ এবিধ চাহে প্ৰতি কিলোগ্ৰামত সৰ্বাধিক ৯৯,৯৯৯ টকা দাম লাভ কৰি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত গঢ়িলে অভিলেখ (Assam tea feches whooping 99999 per kg)।
হয়, গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ সম্পাদক দিনেশ বিহানীয়ে জনোৱা মতে গ'ল্ডেন পাৰ্ল নামৰ চাহ বিধে সোমবাৰে হোৱা নিলামত প্ৰতি কিলোগ্ৰামত ৯৯৯৯৯ টকা দৰ লাভ কৰি এই অভিলেখ গঢ়িবলৈ সক্ষম হয় (Golden Pearl Tea fetches record price) । মনকৰিবলগীয়া যে, এই চাহ বিধ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত বিক্ৰিৰ বাবে আনিছিল নাহৰচুকবাৰী বট লিফ ফেক্তৰীয়ে ।
বিহানীয়ে লগতে জনাই যে, এই চাহ বিধ ফেক্তৰীটোৱে ডিব্ৰুগড়ৰ লাহোৱালৰ ওচৰৰ বহু ক্ষুদ্ৰ চাহ খতিয়কৰ পৰা কেচাঁ পাত কিনি প্ৰস্তুত কৰিছিল । বিহানীয়ে জনোৱা মতে ফেক্তৰীটোৱে নাহৰচুক, নুদৱা, ডিকম, ইকৰাতলী আদি বহু অঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেচাঁ পাত কিনি প্ৰস্তুত কৰিছিল এই চাহ ।
‘‘মই ভাবো যে, এই বিক্ৰিয়ে অসমৰ বিভিন্ন অঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক উন্নত মানৰ কেচাঁ পাত প্ৰস্তুত কৰিবলৈ অনুপ্ৰানিত কৰিব’’, বিহানীয়ে কয় (The price will encourage small tea growers)। তেওঁ লগতে সকলো চাহ খেতিয়কক তেওঁলোকৰ চাহ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰিৰ বাবে আহ্বান জনায় ।
গুৱাহাটী চাহ নিলাম কেন্দ্ৰ ভাল মানৰ চাহ বিক্ৰিৰ বাবে এক নিৰ্ভৰযোগ্য প্ৰতিস্থান আৰু নিলামৰ জৰিয়তে এই নিলাম কেন্দ্ৰই খেতিয়ক সকলক চাহৰ ভাল মূল্য দিওৱাৰ লগতে পুৰস্কৃতও কৰি আহিছে ।
উল্লেখ্য যে, বিগত বছৰৰ ডিচেম্বৰ মাহত মনোহৰী গ’ল্ড টিয়ে এইবাৰ পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি প্ৰতি কিলোগ্ৰামত ৯৯,৯৯৯ টকা মূল্য লাভ কৰি অভিলেখৰ সৃষ্টি কৰিছিল (Manohari Gold Tea fetched record price) ।
বিহানীয়ে এই ধৰণৰ বিশেষত্ব থকা চাহ বিক্ৰীৰ বাবে পুনৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰলৈ আনিবলৈ আহ্বান জনাই অসমৰ চাহ বিক্ৰেতাসকলক ৷ আনকি ভাৰতক বিশেষ চাহৰ ক্ষেত্ৰ খনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰো আহ্বান জনাই তেওঁ কয় যে, বিদেশী চাহৰ ক্ৰেতা সকলে এই বিশেষ চাহৰ প্ৰতি আকৃষ্ট হ’ব বুলি তেওঁ আশাবাদী ৷
অলপতে গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ পঞ্জীয়ন লাভ কৰা কোম্পানীটোৱে একেটা ব্ৰেণ্ডতে চি টি চি চাহো নিলাম কেন্দ্ৰটোত বিক্ৰী কৰি আহিছে । এই নতুন অভিলেখ সৃষ্টিক লৈ উৎফুল্লিত হৈ পৰিছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ ক্ৰেতা সংঘৰ সাধাৰণ সম্পাদক দীনেশ বিহানী । তেওঁ কয় যে, গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ বাবে এয়া উল্লেখযোগ্য কথা ।
ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত ক্ৰয় কৰি উন্নত মানৰ চাহ প্ৰস্তুত কৰা এ এফ টি টেকন’ ট্ৰেডৰ গ'ল্ডেন পাৰ্ল চাহ আজি ৯৯,৯৯৯ টকাত বিক্ৰী হোৱাটো অতি গুৰুত্বপূৰ্ণ কথা । ইয়াৰ পূৰ্বে এনেদৰে ফেক্টৰীৰ চাহ ইমান দৰত বিক্ৰী হোৱা নাছিল । ডিব্ৰুগড়ৰ নাহৰচুকবাৰীৰ কেঁচা চাহপাত ক্ৰয় কৰা ফেক্টৰীত উৎপাদিত এই 'গ'ল্ডেন পাৰ্ল চাহ' ক্ৰয় কৰে গুৱাহাটীৰ আসাম টী ট্ৰেডাৰ্চে ।
লগতে পঢ়ক : আন্তৰ্জাতিক বজাৰত অভিলেখ ৰচিলে অসমৰ 'গ'ল্ডেন বাটাৰফ্লাই' চাহে