ETV Bharat / state

Silsako Eviction Drive: শিলসাঁকোত চলিল প্ৰশাসনৰ বুলড’জাৰ; প্ৰায় 300 বাসগৃহ উচ্ছেদ

সোমবাৰে মহানগৰীৰ শিলসাঁকো বিলৰ পাৰৰ চৰকাৰী বেদখলকৃত ভূমিত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান (Silsako Eviction Drive) ৷ প্ৰায় 300 টা বাসগৃহ উচ্ছেদ কৰিলে প্ৰশাসনে ৷ অনাগত দুদিনত পুনৰ প্ৰশাসনে চলাব উচ্ছেদ ৷

author img

By

Published : Feb 27, 2023, 9:09 PM IST

Silsako Eviction Drive
শিলসাঁকোত প্ৰশাসনৰ বুলড’জাৰ; প্ৰায় 300 বাসগৃহ উচ্ছেদ

গুৱাহাটী, 27 ফেব্ৰুৱাৰী: মহানগৰীৰ শিলসাঁকো বিলত পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ সোমবাৰে পুৱাৰে পৰা শিলসাঁকোৰ পাৰত প্ৰশাসনে চলালে বুলড’জাৰ ৷ শিলসাঁকোৰ প্ৰায় 300টা পৰিয়ালৰ বাসগৃহ উচ্ছেদ প্ৰশাসনৰ ৷ অট্টালিকাৰ পৰা জুপুৰীলৈ সকলোতে পৰিল বুলড'জাৰৰ কোব (Eviction at Silsako beel) ৷

আপোন ঘৰখন ভাঙি পেলোৱাৰ পাচত ক’লৈ যাব কি কৰিব তাক লৈ এতিয়া চিন্তিত উচ্ছেদিতসকল । উপায়হীন হৈ চকুপানী টুকি কেৱল চাই ৰৈছে উচ্ছেদ হোৱা আপোন ঘৰখনলৈ ৷ আনহাতে প্ৰশাসনৰ হাতুৰীৰ কোৱৰ পৰা সাৰি নগল মন্দিৰ, মছজিদো । এদিনৰ ভিতৰতে গৃহহাৰা হ’ল শতাধিক লোক (Silsako Eviction Drive) ৷

উল্লেখ্য যে, শিলসাঁকোৰ পাৰৰ চৰকাৰী ভূমি বেদখল কৰি গৃহ নিৰ্মাণ কৰা লোকসকলক সেই স্থান খালী কৰিবলৈ জি এম ডিয়ে জাৰি কৰিছিল নিৰ্দেশনা ৷ কিন্তু একাংশ লোকে ঘৰ খালি কৰিবলৈ নাপালে সুবিধা ৷ ঘৰৰ লাগতিয়াল বয়-বস্তু আন স্থানলৈ স্থানান্তৰ কৰি থকাৰ সময়তে প্ৰশাসনে চলালে উচ্ছেদ ৷ প্ৰশাসনৰ এই কাৰ্যক লৈ ক্ষোভ প্ৰকাশ কৰিছে উচ্ছেদিতসকলে (Illegal encroachment at Silsako beel) ৷

ইফালে, খিলঞ্জীয়া মানুহক উচ্ছেদ কৰি বণিক গোষ্ঠীক মাটি দিয়াৰ অভিসন্ধি ৰচা বুলিও অভিযোগ কৰে ভুক্তভোগী সকলে । চৰকাৰৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি ভুক্তভোগীয়ে কয়, ‘‘বৰ্তমান অসমৰ মাটি হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকী ভূঞাৰ । কংগ্ৰেছ চৰকাৰ দিনত ৰাস্তা দিছিল , বিদ্যুৎ সংযোগ আৰু হল্ডিং নম্বৰ দিছিল । কিন্তু বিজেপি চৰকাৰ আহি ভাঙি চুৰমাৰ কৰিলে সকলো (Eviction Drive In Silsako Lake) ৷’’

সোমবাৰে চলোৱা এই উচ্ছেদ অভিযান সন্দৰ্ভত কামৰূপ মহানগৰৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই কয়, ‘‘শিলসাঁকোৰ পাৰৰ 453 টা পৰিয়ালক উচ্ছেদ কৰা হ’ব । অহা দুই-তিনিদিনত উচ্ছেদ চলাই মাটিখিনি বেদখলমুক্ত কৰা হ’ব ।’’ উচ্ছেদিতসকলে দালাৰ পৰা শিলসাঁকো বিলৰ মাটি ক্ৰয় কৰি ঘৰ সজিছিল বুলি উঠা অভিযোগ সম্পৰ্কে উপায়ুক্তগৰাকীয়ে দালালী কৰাৰ তথ্য যদি যদি ৰাইজে যোগান ধৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰে (Assam govt eviction drive) ৷

আনহাতে GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকাই কয়, শিলসাঁকো বিলৰ দুয়োফালে 100 মিটাৰৰ ব্যৱধানত থকা ঘৰবোৰ উচ্ছেদ কৰা হৈছে । 100 মিটাৰতকৈ নিলগত থকা কোনো লোকৰ গৃহ উচ্ছেদ কৰা হোৱা নাই । মহানগৰীৰ 15 লাখ জনতাৰ স্বাৰ্থত শিলসাঁকো উচ্ছেদ প্ৰয়োজনীয় আছিল ।’’ শিলসাঁকো বিলৰ সৰ্বমুঠ 1800 বিঘা ভূমিৰ ভিতৰত 1000-1200 বিঘা ভূমি বেদখল হৈ আছে বুলিও মন্তব্য GMDAৰ অধ্যক্ষগৰাকীৰ ৷

লগতে পঢ়ক: AAP Protest at Guwahati : মনীষ ছিচোডিয়াৰ মুক্তিৰ দাবীত বিজেপি কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ আপৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.