ETV Bharat / state

GMC Order on motorized rickshaw: গুৱাহাটীত মটৰ চালিত ৰিক্সা বন্ধৰ নিৰ্দেশৰ পিছতে চিন্তিত হৈ পৰিছে চালকসকল - GMC Order on motorized rickshaw

গুৱাহাটী পৌৰ নিগমে মটৰ চালিত ৰিক্সাসমূহ বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰাৰ পিছতে বিপদত পৰিছে খাটি খোৱা ৰিক্সা চালকসকল (GMC Order on motorized rickshaw) ৷ 7 দিনৰ ভিতৰত মটৰ চালিত ৰিক্সা বন্ধৰ নিৰ্দেশ দিছে গুৱাহাটী পৌৰ নিগমে ৷ এই ৰিক্সাসমূহ বন্ধ কৰিছে পৌৰ নিগমক বিকল্প ব্যৱস্থা কৰি দিবলৈ দাবী ৰিক্সা চালকসকলৰ ৷

GMC Order
গুৱাহাটীত মটৰ চালিত ৰিক্সা বন্ধৰ নিৰ্দেশৰ পিছতে চিন্তিত হৈ পৰিছে চালকসকল
author img

By

Published : Dec 30, 2022, 10:24 PM IST

গুৱাহাটীত মটৰ চালিত ৰিক্সা বন্ধৰ নিৰ্দেশৰ পিছতে চিন্তিত হৈ পৰিছে চালকসকল

গুৱাহাটী, 30 ডিচেম্বৰ: মটৰ চালিত ৰিক্সা চালকৰ (motorized rickshaw in Guwahati) বিৰুদ্ধে কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্দেশৰ পিছতে এতিয়া চিন্তিত হৈ পৰিছে মটৰ চালিত ৰিক্সা চালকসকল ৷ উল্লখ্য যে, গুৱাহাটী পৌৰ নিগমে(GMC) তাৎক্ষণিকভাৱে ৰিক্সাসমূহৰ পৰা বৈদ্যুতিক মটৰ আঁতৰাবলৈ নিৰ্দেশনা জাৰি কৰিছে ৷ ৭ দিনৰ ভিতৰত ৰিক্সাৰ পৰা বৈদ্যুতিক মটৰ আঁতৰ নকৰিলে আইন অনুসৰি তেনে ৰিক্সাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি সকীয়াই দিয়ে মেয়ৰ মৃগেণ শৰণীয়াই (Mayor Mrigen Sarania) ৷

ইয়াৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰিক্সা চালক সকলৰ মাজত । ৰিক্সা চালক সকলে জি এম চিৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে, ‘‘যদিহে মটৰ চালিত ৰিক্সাবোৰ বন্ধ কৰি দিয়ে তেতিয়া ৰিক্সা চালক সকলক বেলেগ ধৰণে পৌৰ নিগমে(Guwahati Municipal Corporation) ব্যৱস্থা কৰি দিয়ক । কিয়নো বহু ৰিক্সা চালকে গাঁঠিৰ ধন ভাঙি, টকা সূদত লৈ, মাটি বন্ধকত দি ৰিক্সাবোৰ ক্ৰয় কৰিছিল । উপাৰ্জনৰ একমাত্ৰ পথ মটৰ চালিত ৰিক্সাখনৰ চলাচল মহানগৰীৰ ৰাজপথত বন্ধ কৰি দিলে কিদৰে পৰিয়াল পোহ-পাল দিব আৰু লৰা ছোৱালীক পঢ়ুৱাব ।’’

মহানগৰীত ৰিক্সা চলায় পৰিয়াল পোহ পাল দিয়া এজন ৰিক্সা চালকে ই টি ভি ভাৰতৰ আগত কয় যে, ‘‘পূৰ্বতে দিন হাজিৰা কৰি চাৰিজনীয়া পৰিয়ালটো পোহপাল দি আছিলোঁ । দুৰ্ঘটনাত ভৰিখন ভঙাৰ পিছতে দুবছৰ ঘৰতে বহিব লগা হ’ল । যোৱা আঠ মাহ আগতে মাটি বন্ধকত দি 85 হাজাৰ টকাৰে মটৰ চালিত ৰিক্সাখন ক্ৰয় কৰি গুৱাহাটীলৈ আহিছিলোঁ । মটৰ চালিত ৰিক্সাখন বন্ধ হৈ পৰিলে পৰিয়ালটো কেনেকৈ পোহপাল দিম ? ভৰিখন ভঙা বাবে পেদেল ৰিক্সা চলাবলৈ নোৱাৰোঁ ।’’

গুৱাহাটীৰ পৌৰ নিগমৰ এই হঠকাৰী সিদ্ধান্তৰ পিছতে সমস্য়াত পৰিছে মটৰ চালিত ৰিক্সা চালকসকল (motorized rickshaw pullers in trouble) ৷ কিয়নো তেওঁলোকৰ উপাৰ্জনৰ উৎস একমাত্ৰ ৰিক্সাখন ৷ যদিহে গুৱাহাটী পৌৰ নিগমে এই নিয়ম কাৰ্যকৰী কৰে তেন্তে বহু ৰিক্সাচলক বিপদত পৰিব ৷ সেয়েহে, যদিও বৈদ্যুতিক মটৰ চালিত ৰিক্সাসমূহ বন্ধ কৰে তেন্তে গুৱাহাটী পৌৰ নিগমক আন ব্যৱস্থা কৰি দিবলৈ দাবী উত্থাপন কৰিছে ৰিক্সা চালকসকলে ৷

লগতে পঢ়ক: Road accident in Assam: ঘাতকৰ ৰূপত পথ দুৰ্ঘটনা; 5 বছৰত ৰাজ্যত মৃত্যু 14 সহস্ৰাধিক লোকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.