- মহানগৰীত অব্যাহত আছে পৌৰ নিগমৰ অভিযান (GMC operation continues to Guwahati)
- এইবাৰ জ্যোতিকুছি শংকৰ নগৰ পথস্থিত আনন্দ বেকাৰীত চলিল অভিযান
- শিশু শ্ৰমিকক কামত নিয়োজিত কৰাৰ লগতে বৈধ নথি পত্ৰ অবিহনে বেকাৰীখন চলাই অহাৰ অভিযোগ
- দুৰ্গন্ধময় তথা অস্বাস্থ্যকৰ পৰিৱেশত বিস্কুট, ব্ৰেড বনাই বিক্ৰী কৰি আহিছিল বেকাৰীৰ স্বত্বাধিকাৰী ৰাজ নাৰায়ন প্ৰধানে
- বেকাৰীটোত নিয়োজিত ৪ গৰাকী শিশু শ্ৰমিকৰ এজনক উদ্ধাৰ কৰিলে শিশু সুৰক্ষা বিভাগে
- স্বত্বাধিকাৰীক জৰিমনা বিহাৰ লগতে GMCৰ কৰ্মচাৰীয়ে ধ্বংস কৰিলে বেকাৰীত মজুদ ৰখা খাদ্য সামগ্ৰীসমূহ
- চাফ-চিকুনৰ লগতে নথি পত্ৰসমূহ নবীকৰণ কৰাৰ পাছতহে বেকাৰীটো পুনৰ খোলাৰ নিৰ্দেশ
- অন্যথা পৰৱৰ্তী সময়ত বেকাৰীটো সম্পূৰ্ণৰূপে ছিল কৰি দিয়া হ’ব বুলি জনালে GMC কৰ্তৃপক্ষই