গুৱাহাটী, ১৩ মে: শপত গ্ৰহণ কৰিয়েই কৃত্ৰিম বানক লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হ'ল গুৱাহাটী পৌৰ নিগমৰ নৱ-নিৰ্বাচিত মেয়ৰ আৰু উপ-মেয়ৰে ৷ মহানগৰীৰ কৃত্ৰিম বানেই যেন আদৰণী জনালে নতুন মেয়ৰ আৰু উপ মেয়ৰক । শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু উপ-মেয়ৰ হিচাপে শপত গ্ৰহন কৰে মৃগেন শৰণীয়া আৰু স্মিতা ৰয়ে (New Mayor Mrigen Sarania and Deputy Mayor Smita Roy) ।
মহানগৰীত যোৱা নিশাৰে পৰা হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত সৃষ্টি হয় ভয়ংকৰ কৃত্ৰিম বানৰ (Artificial flood in Guwahati)। ইয়াৰ বাবে মহানগৰবাসীয়ে জগৰীয়া কৰিছে গুৱাহাটী পৌৰ নিগমক । শপত গ্ৰহণ কৰিয়ে কৃত্ৰিম বানক লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নৱ নিৰ্বাচিত মেয়ৰ,উপ মেয়ৰ সমন্বিতে পাৰিষদবৰ্গ । তেওঁলোকে কিদৰে মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰিব এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মেয়ৰ মৃগেন শৰণীয়াই কয়- "আজি বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হৈছে । আগন্তুক দিনত এই সমস্যা সমাধান কৰাৰ বাবে চেষ্টা কৰিম ।
মহানগৰবাসীক কৃত্ৰিম বানৰ পৰা সকাহ দিবলৈ চেষ্টা কৰিম । এয়া আমাৰ বাবে প্ৰত্যাহ্বান নহয় দায়িত্বহে ।" আনহাতে অনুষ্ঠানত অংশগ্ৰহণ কৰি গুৱাহাটী মহানগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে (Minister Ashok Singhal) সংবাদ মাধ্যমৰ আগত কয়- "একে দিনাই কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব নোৱাৰি । কৃত্ৰিম বান ৰোধ কৰাৰ বাবে তিনি বছৰ সময় লোৱা হৈছে । তাৰ ভিতৰত এবছৰ সম্পূৰ্ণ হৈছে । বাকী দুটা বছৰ আছে । মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্য়া ১০০ শতাংশ সমাধান হব নোৱাৰে । এটা পৰ্যায়লৈহে কমাব পৰা যাব ।"
আনহাতে মেঘালয়ৰ পৰা বাগৰি অহা পানী যাতে গুৱাহাটীত সোমাব নোৱাৰে তাৰ বাবে উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰি দিয়া হৈছে বুলি তেঁও মন্তব্য় কৰে । ইয়াৰ প্ৰতিবেদন আহিলে কিদৰে মীমাংসা কৰিব পৰা যাব সেই বিষয়ে আলোচনা কৰা হব বুলিও তেঁও কয় । ইপিনে মহানগৰৰ নলা নৰ্দমাৰ পৰা ৮০ হাজাৰ টন জাবৰ নিষ্কাষন কৰি পেলোৱা হৈছে বুলিও তেঁও কয় ।
উল্লেখ্য যে শুক্ৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত শেহতীয়াকৈ হৈ যোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ৬০ টা ৱাৰ্ডৰ নৱ নিৰ্বাচিত পাৰিষদে আনুষ্ঠানিক ভাৱে শপত গ্ৰহণ কৰে । শপত পাঠ পঢ়ায় কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা দণ্ডাধীশ পল্লৱ গোপাল ঝাই । পদেন' সদস্য হিচাপে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, অতুল বৰা আৰু সাংসদ ভূৱেনশ্বৰ কলিতাই শপত গ্ৰহণ কৰে ।
অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দাস (Minister Ranjit Das), সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা (MP Pabitra Margherita), গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা (GMC Commissioner Debasish Sharma), প্ৰাক্তন সাংসদ ৰমেন ডেকা (Ex MP Ramen Deka), বিধায়ক জয়ন্তমল্ল বৰুৱাকে (MLA Jayanta Malla Baruah) ধৰি বহু লোক উপস্থিত থাকে ।
লগতে পঢ়ক: পানীৰ তলত ডুব গ'ল স্মাৰ্ট মহানগৰখন