ETV Bharat / state

GMC Election: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰস্তুতি কামৰূপ মহানগৰ জিলা নিৰ্বাচনী কৰ্তৃপক্ষৰ - Kamrup metro administration

বিহুৰ পাছতেই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC Election 2022) । কঁকালত টঙালী বান্ধিছে প্ৰতিটো ৰাজনৈতিক দলে । ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে মহানগৰ জিলা নিৰ্বাচনী কৰ্তৃপক্ষই । সবিশেষ জানো আহক ৷

gmc election preparation
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰস্তুতি কামৰূপ মহানগৰ জিলা নিৰ্বাচনী কৰ্তৃপক্ষৰ
author img

By

Published : Apr 9, 2022, 9:33 PM IST

গুৱাহাাটী,৯ এপ্ৰিল: সাত বিহুৰ পাছতেই অৰ্থাৎ ২২ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC Election 2022) । জোৰদাৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল । আগন্তুক নিৰ্বাচনত ভোটগ্ৰহণৰ বাবে কামৰূপ মহানগৰ জিলা নিৰ্বাচনী কৰ্তৃপক্ষই ছফটৱেৰ মাধ্যমেৰে ই.ভি.এম ছেটসমূহ ইতিমধ্যে সাজু কৰি তুলিছে ।

gmc election preparation
কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰস্তুতি

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শুক্ৰবাৰে সকলো ৰাজনৈতিক দলৰ লগতে আন প্ৰাৰ্থীৰ প্ৰতিনিধিৰ উপস্থিতিত ব্যৱহাৰ হ’বলগীয়া ই.ভি.এম. সমূহৰ দ্বিতীয় তথা চুড়ান্ত ৰেণ্ডমাইজেছন প্ৰক্ৰিয়া সমাপ্ত কৰি, ভোটগ্ৰহণৰ বাবে সাজু কৰি তোলা হৈছে, বেলট ইউনিট্ আৰু কন্ট্ৰ’ল ইউনিটযুক্ত ১৩০৩ টা ই.ভি.এম ছেট ।

প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে সংস্থাপিত হ’বলগীয়া ই.ভি.এম ছেটৰ ক্ৰমিক নম্বৰো ৰেণ্ডমাইজেছন প্ৰক্ৰিয়াৰে সম্পন্ন কৰা হয় । উল্লেখনীয় যে গুৱাহাটী পৌৰ নিগমৰ এইবাৰৰ নিৰ্বাচনত ৬০ টা ৱাৰ্ডৰ বাবে ৭৮৯ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছিল যদিও তিনিটা ৱাৰ্ডৰ তিনিগৰাকী প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হোৱাৰ পথ প্ৰশস্ত হোৱা হেতুকে উক্ত তিনিটা ৱাৰ্ডত থকা ৩২ টা ভোটগ্ৰহণ কেন্দ্ৰ হ্ৰাস পায় ।

ইয়াৰ ফলত ৫৭ টা ৱাৰ্ডৰ ৭৫৭ টা কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । কামৰূপ মহানগৰ জিলা নিৰ্বাচন কৰ্তৃপক্ষৰ হৈ সহকাৰী ৰিটাৰ্ণিং বিষয়া ক্ৰমে গৌৰী শংকৰ দাস আৰু কল্পনা ডেকা, নিৰ্বাচন বিষয়া শেখৰণ ফুকন তথা এন. আই. চিৰ বিষয়াসকলৰ তত্বাৱধানত আজিৰ চুড়ান্ত ৰেণ্ডমাইজেছন প্ৰক্ৰিয়া সম্পন্ন কৰা হয় ।

অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভোট গ্ৰহণৰ বাবে নিয়োগ কৰা প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণ ইতিমধ্যে সম্পন্ন হৈছে । নিৰ্বাচনত নিয়োগ কৰিবলগীয়া ১০০০ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ৪০০০ গৰাকী পলিং বিষয়াক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ৬০ গৰাকী মাষ্টাৰ ট্ৰেইনাৰে এই প্ৰশিক্ষণ প্ৰদান কৰিছে ।

লগতে পঢ়ক: দশম শ্ৰেণী পৰ্যন্ত হিন্দী ভাষা বাধ্যতামূলক কৰাৰ বিৰোধিতা অসম সাহিত্য সভাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.