গুৱাহাটী, 17 নৱেম্বৰ : এইবাৰ চেলুন-স্পা-বিউটী পাৰ্লাৰৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ ৰঙা চকু ৷ গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাব ব্যৱসায়ী চলাই থকা গুৱাহাটীৰ চেলুন-স্পা-বিউটী পাৰ্লাৰৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে আৰম্ভ কৰিছে তীব্ৰ অভিযান ৷ বুধবাৰে হঠাৎ পৌৰ নিগমৰ এটা অভিযানকাৰী দলে জি এছ ৰোডৰ ড’না প্লেনেট আৰু ৰুদ্ৰাক্ষ শ্বপিং মলত থকা 7 খন চেলুন-স্পা-বিউটী পাৰ্লাৰত চলাই অভিযান ৷
এই অভিযানতেই 4 খন চেলুন-স্পা-বিউটী পাৰ্লাৰৰ ৰহস্য ভেদ কৰে গুৱাহাটী পৌৰ নিগমে ৷ পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাব ব্যৱসায়ী চলাই থকা 4 খন চেলুন-স্পা-বিউটী পাৰ্লাৰৰ বিৰুদ্ধে সৰব হৈ পৰে পৌৰ নিগম । জানিব পৰা মতে, অবৈধভাব ব্যৱসায়ী চলাই থকা 4 খন চেলুন-স্পা-বিউটী পাৰ্লাৰেই হৈছে ড’না প্লেনেটৰ ।
পৌৰ নিগমৰ আয়ুক্ত দেৱাশিষ শৰ্মাই উল্লেখ কৰা যে, এই 4 খন চেলুন-স্পা-বিউটী পাৰ্লাৰ পৰা পৌৰ নিগমে 53 হাজাৰ টকা জৰিমনা আদায় কৰিছে । লগতে চেলুন-স্পা-বিউটী পাৰ্লাকেইখনলৈ পৌৰ নিগমে জাননী জাৰি কৰিছে । আনকি তেওঁ উল্লেখ কৰে যে, মঙলবাৰে লাখটকীয়া, নেপালী মন্দিৰ আৰু গণেশগুৰিত পৌৰ নিগমৰ এটা দলে চলাইছিল অভিযান ।
লগতে পঢ়ক : Assam Accord: অসম চুক্তিৰ দফাসমূহ ৰূপায়ণৰ বাবে চৰকাৰ বদ্ধপৰিকৰ
ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাব ব্যৱসায়ী চলাই থকা 4 খন চেলুন-স্পা-বিউটী পাৰ্লাৰৰ বিৰুদ্ধে পৌৰ নিগমে জৰিমনা বিহাৰ লগতে জাননী জাৰী কৰিছে । তেওঁ কয় যে, পৰৱৰ্তী সময়ত পৌৰ নিগমে এই অভিযান অব্যাহত ৰাখিব । এই অভিযানত কোনোধৰণৰ আপোচ কৰা নহয় বুলি পৌৰ নিগমৰ আয়ুক্ত গৰাকীয়ে স্পষ্ট কৰি দিয়ে ।
উল্লেখ্য যে, দুদিন পূৰ্বে নিয়ম ভংগকাৰী চেলুন-স্পা-বিউটী পাৰ্লাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা জাননী জাৰি কৰিছিল । তাৰ এদিন পিছতে বৈধভাবে ব্যৱসায়ী চলাই থকা গুৱাহাটীৰ চেলুন-স্পা-বিউটী পাৰ্লাৰৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে তীব্ৰ অভিযান আৰম্ভ কৰে । গুৱাহাটী পৌৰ নিগমে নিৰ্দিষ্ট চৰ্ত আৰু নিৰ্দেশনাৰ সৈতে মহানগৰীৰ স্পা, বিউটী, পাৰ্লাৰ আৰু চেলুনসমূহৰ বাবে ট্ৰেড লাইচেঞ্চ প্ৰদান কৰিব বুলি পৌৰ নিগমৰ আয়ুক্ত দেৱাশিষ শৰ্মাই উল্লেখ কৰে ।
লগতে পঢ়ক : উৎকোচ লৈ হাতেলোটে কৰায়ত্ত আৰক্ষী উপ পৰিদৰ্শক