ETV Bharat / state

অবৈধভাৱে ব্যৱসায় চলোৱা সকলৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ অভিযান

author img

By

Published : Dec 15, 2021, 10:27 PM IST

ট্ৰেড-লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে আৰু অস্বাস্থ্যকৰ পৰিৱেশত ব্যৱসায় চলাই নিয়া ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান জোৰদাৰ কৰিছে গুৱাহাটী পৌৰ নিগমে (drive against unlicensed street vendors) ৷ নিয়ম উলংঘা কৰি মহানগৰীত মাছ-মাংস আৰু শাক-পাচলি বিক্ৰী কৰি থকা ব্যৱসায়ীৰ বিৰুদ্ধে এই অভিযান ক্ষীপ্ৰতৰ কৰি তুলিছে গুৱাহাটী পৌৰ নিগমে ৷

gmc drive against illegal vendors
ট্ৰেড-লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায় চলোৱা সকলৰ বাবে গুৱাহাটী পৌৰ নিগমৰ অভিযান

গুৱাহাটী, 15 ডিচেম্বৰ : গুৱাহাটী পৌৰ নিগমে নীতি-নিয়ম উলংঘা কৰি ব্যৱসায় কৰা কেইবাখনো দোকানক জৰিমনা বিহে ৷ গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড-লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায় চলাই থকা(drive against unlicensed street vendors) আৰু অস্বাস্থ্যকৰ পৰিৱেশত নিয়ম উলংঘা কৰি মাছ-মাংস আৰু শাক-পাচলি বিক্ৰী কৰি থকা ব্যৱসায়ী(unhygienic meat, fish and vegetables seller)ৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে পুনৰ মঙ্গলবাৰে অভিযান চলায় ৷

গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাৰ অভিযানকাৰী দলে মহানগৰীৰ জালুকবাৰী, আদাবাৰী, পাণ্ডু, ভূতনাথ আৰু মালিগাঁও এলেকাত অস্বাস্থ্যকৰ পৰিৱেশত নীতি-নিয়ম উলংঘা কৰি মাছ-মাংস আৰু শাক-পাচলি বিক্ৰী কৰি থকা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে ৷

অভিযানত গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাৰ অভিযানকাৰী দলে এনে ব্যৱসায়ী সকলক 30,000 টকাকৈ জৰিমনা বিহাৰ লগতে 35 কিলোগ্ৰাম ছাগলীৰ মাংস, 60 কিলোগ্ৰাম হাঁহ কুকুৰাৰ মাংস আৰু 230 কিলোগ্ৰাম শাক-পাচলি পাচলি জব্দ কৰে ৷

গুৱাহাটী পৌৰ নিগমৰ পঞ্জীয়নভুক্ত কচাইখানাৰ ছীল মোহৰ নথকা মাংস বিক্ৰী কৰা এখন মাংসৰ দোকানো ছীল কৰে ৷ আকৌ পদপথ দখল কৰি ব্যৱসায় কৰি থকা 300 খন পদপথৰ দোকান উচ্ছেদ কৰে বুলি গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাৰ পশু চিকিৎসা বিষয়া প্ৰদীপ মেধিয়ে জনায় ৷

লগতে পঢ়ক: গুৱাহাটীবাসীক বিশুদ্ধ খোৱা পানী যোগানৰ দাবীত AASUৰ প্ৰতিবাদী সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.