ETV Bharat / state

চ'ছিয়েল মিডিয়াত পৌৰ নিগমে প্ৰকাশ কৰিব আপোনাৰ ফটো ! - গুৱাহাটী

আগষ্ট মাহৰ পহিলাতে ঘোষণা হ'ব মহানগৰীত য'তে ত'তে জাৱৰ পেলোৱা লোকৰ তালিকা ৷ ইতিমধ্যে গুৱাহাটী পৌৰ নিগমৰ হাতত আহি পৰিছে সেইসমূহ ফটো ৷

ইতিমধ্যে গুৱাহাটী পৌৰ নিগমৰ হাতত আহি পৰিছে য'তে ত'তে জাৱৰ পেলোৱা লোকৰ তালিকা
author img

By

Published : Aug 1, 2019, 7:40 PM IST

গুৱাহাটী,1আগষ্টঃ কিছুদিন পূৰ্বে গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ ৰাজহুৱা স্থানত জাৱৰ পেলোৱা ব্যক্তিৰ অভিযোগৰ কাৰণে মুকলি কৰিছিল 5 টাকৈ হেল্প লাইন নম্বৰ ৷ পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰে জনোৱা অনুসৰি মহানগৰীৰ যতে ততে পৰি থকা জাবৰৰ দমৰ ছবিৰ লগতে কোনো ব্যক্তিয়ে জাৱৰ যতে ততে পেলাই থকাৰ ছবিও আহি পৰিছে পৌৰ নিগমৰ হাতত । চাওক এক প্ৰতিবেদনঃ

Intro:গুৱাহাটী মহানগৰীৰ খন স্বচ্ছ কৰাৰ উদ্দেশ্য আগত ৰাখি পৌৰ নিগমে মহানগৰ বাসীৰ সৈতে একেলগ হৈ লৈছে পদক্ষেপ। গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ ৰাজহুৱা স্থানত জাৱৰ পেলোৱা ব্যক্তিৰ অভিযোগৰ কাৰণে মুকলি কৰিছিল 5 তাকৈ হেল্প লাইন। গুৱাহাটী পৌৰ নিগমে মুকলি কৰা 8811007000, 7399003001,7399003002, 7399003003,7399003008 লগতে মেইলতো পৌৰ নিগম সম্পৰ্কিত যিকোনো আপত্তি দিবৰ বাবে মুকলি কৰিছিল নম্বৰ। লক্ষণীয় যে সেই নম্বৰ সমূহত আহিছে বহু আপত্তিৰ লগতে বহু ফটো।

Body:
পৌৰ নিগমৰ হাতত আছে আপোনাৰ ফটো। কিন্তু কি আৰু কেনে এই ফটো গম পাব আগষ্ট মাহৰ প্ৰথম সপ্তাহতে আপোনাৰ লগতে মহানগৰ বাসীয়ে। আপুনি বাৰু কেতিয়াবা মহানগৰীৰ যতে ততে জাৱৰ পেলাইছে নেকি ?যদি পেলাইছে তেন্তে গুৱাহাটী পৌৰ নিগমৰ হাতত থকা সেই ফটোখন আপোনাৰো হব পাৰে।

Bite:-দেৱেশ্বৰ মালাকাৰ।

পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰে জানিবলৈ দিয়া অনুসৰি বৰ্তমানলৈ বহু ফটো আহি পৰিছে তেওঁলোকৰ হাতত । মহানগৰীৰ যতে ততে পৰি থকা জাবৰৰ দমৰ ছবিৰ লগতে কোনো ব্যক্তিয়ে জাৱৰ যতে ততে পেলাই থকাৰ ছবিও আহি পৰিছে পৌৰ নিগমৰ হাতত।

Bite:- দেৱেশ্বৰ মালাকাৰ ।

গুৱাহাটী মহানগৰীৰ পৌৰ নিগমৰ স্বচ্ছতাৰ ক্ষেত্ৰত লোৱা এই পদক্ষেপে শলঠেকত পেলাব আপোনাক । কাৰণ আপোনাৰ ওচৰতে থকা কোনো এজন লোকে মহানগৰ খনক লেতেৰা কৰি থকা অৱস্থাৰ যি কোনো ফটো পৌৰ নিগমে মুকলি কৰি দিয়া পাঁচোটাকৈ নম্বৰত পঠিয়াই দি লব পাৰে পুৰস্কাৰ। কিন্তু আপুনি সাৱধান হওঁক কাৰণ কেৱল ফাইন দিয়াই নহয় আপোনাৰ ফটো চচিয়েল মিডিয়া আৰু অসমৰ নিউজ চেনেলত যিকোনো সময়ত ওলাব পাৰে।

Bite:-দেৱেশ্বৰ মালাকাৰ।

Conclusion:মহানগৰী খন আপোনাৰ গতিকে মহানগৰ খন চাফ চিকুণ কৰাৰ দায়িত্বও আপোনাৰ ।গতিকে যতে ততে জাৱৰ নেপেলাই মহানগৰী খন স্বচ্ছ কৰি ৰখাৰ প্ৰতিশ্ৰুতি লওঁ আপুনি,মই আৰু মহানগৰ বাসীয়ে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.