গুৱাহাটী, ২১ অক্টোবৰঃ শূণ্যতে গদা ঘূৰাই দুৰ্নীতি নিৰ্মূল কৰিব খোজা ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বাবে আৰু এটা নতুন খবৰ। তেওঁৰ একাংশ " সুদক্ষ " বন বিষয়াৰ পৃষ্ঠপোষকতাত আৰম্ভ হৈছে পথাৰৰ বালি খন্দাৰ ছিণ্ডিকেট। নদীৰ পৰা নহয়, পথাৰৰ বুকু খান্দি ট্ৰাকে ট্ৰাকে উলিওৱা হৈছে বালি আৰু সেই বালিৰে ভৰি পৰিছে ৰাজধানী চহৰ গুৱাহাটীৰ বজাৰ। একাংশ বন বিষয়াৰ আশীৰ্বাদ শিৰত লৈ পথাৰৰ বালিৰ এই ছিণ্ডিকেট আৰম্ভ কৰিছে এটা শক্তিশালী চক্ৰই।

এই ছিণ্ডিকেটৰাজ বিনা বাধাই অব্যাহত আছে স্বয়ং ৰাজধানী দিছপুৰ বিধানসভা সমষ্টিৰে অন্তৰ্গত সোণাপুৰ ফৰেষ্ট ৰেঞ্জৰ অধীনস্থ মৰকডোলা বীটত। এই মৰকডোলা বীট বন বিভাগৰ বিষয়াৰ বাবে সোণৰ কণী পৰা হাঁহ স্বৰূপ। ইয়াত নিযুক্তি পাবলৈ হেতাওপৰা লাগে একাংশ বন বিষয়াৰ। কিয়নো, শিল, বালি, কাঠকে ধৰি বহুবিধ বনজ সামগ্ৰীৰ ভাণ্ডাৰস্বৰূপ এই অঞ্চলটো। এই মৰকডোলা ফৰেষ্ট বীটৰ অধীনতে ডিগাৰু নৈৰ পৰা নিতৌ আইনী-বেআইনী দুয়ো ধৰনে সৰবৰাহ হয় শ শ ট্ৰাক বালি। এতিয়া চাওক, পথাৰৰ বালিৰ ছিণ্ডিকেটলৈ।
আজিৰ পৰা বহু বছৰ পূৰ্বে বৰ্তমানৰ ডিগাৰু নৈখন এই ঠাইত নাছিল। ডিগাৰু বৈ গৈছিল অন্য এটা ফালেৰে। কালক্ৰমত নৈখনে সুতি সলাই বৰ্তমানৰ স্থানত আছে। সেই যে বছৰ বছৰ পূৰ্বে ডিগাৰু বৈ যোৱা ঠাইখিনি, সেইখিনি ঠাই বৰ্তমান পথাৰ আৰু কিছু পৰিমানে জনবসতিপূৰ্ণ। তেনেকুৱাই কেইটামান অঞ্চল হৈছে কমলাজাৰি, সোণাইঘূলি, জগৌবাৰী আদি। কমলাবাৰী, জগৌবাৰী অঞ্চলৰ মাটি কেইফুটমান খান্দিলেই পোৱা যায় বালিৰ ভাণ্ডাৰ। মৰকডোলা বীটৰ একাংশ বন বিষয়া আৰু কেইজনমান বচা বচা বালি মাফিয়াৰ চকু এতিয়া সেই পথাৰৰ তলৰ মাটিত । নিতৌ পুৱাৰে পৰা কমলাজাৰি, জগৌবাৰী আদিৰ পথাৰত অত্যাধুনিক পদ্ধতিৰে বালি মাফিয়াৰ খনন চলে আৰু বেলি পৰাৰ লগে লগে সেই বালি সৰবৰাহ হয় গুৱাহাটী মহানগৰীলৈ। বনমন্ত্ৰী ডাঙৰীয়াৰ দুৰ্নীতি বিৰোধী লম্ফজম্ফৰ মাজতেই এইদৰে সৰবৰাহ হৈ আহিছে অবৈধ বালি ।
ট্ৰাকত বালি তোলা সময়চোৱাত বালি মাফিয়াৰ গুণ্ডা বাহিনীয়ে পিয়াপি দি থাকে সমগ্ৰ অঞ্চলটো। কাৰো সাধ্য নাই সেই ঠাইত প্ৰবেশ কৰাৰ। জয়ন্ত কলিতা নামৰ মৰকডোলাৰ বীট অফিচাৰগৰাকীৰ জ্ঞাতসাৰেই , তেওঁৰ আশীৰ্বাদতে এই বেআইনী কাৰ্য চলি থকাৰ অভিযোগ উঠি আহিছে । নদীৰ বালি উঠোৱাৰ চালানখনকে বেআইনীভাবে একাধিকবাৰ ব্যৱহাৰ কৰি দৈনিক এনেদৰে ৮০ ৰ পৰা ১০০ খন ট্ৰাকেৰে পথাৰৰ বালি কঢ়িওৱা হয় গুৱাহাটীলৈ। একাংশ বন বিষয়া আৰু মাফিয়াৰ দুস্কাৰ্যৰ কাহিনী ইমানতে শেষ হোৱা নাই। ই টিভি ভাৰতে ধাৰাবাহিক ভাবে ফাদিল কৰিব আৰু বহু ভয়ংকৰ তথ্য পৰৱৰ্তী প্ৰতিবেদনত।
