ETV Bharat / state

মহানগৰ আৰক্ষীৰ জালত সাত দুধৰ্ষ ডকাইত - পিষ্টলসহ সক্রিয় গুলী আৰু নগদ ২ লাখ ৫৭ হাজাৰ টকা

হাতীগাঁৱৰ বিষ্ণুজ্যোতি পথত ৩১ ডিচেম্বৰৰ নিশা ডকাইতৰ ঘটনা সংঘটিত হৈছিল ৷ উক্ত ঘটনাৰ লগত জড়িত ৭ জনক আটক কৰিছে হাতীগাঁও আৰক্ষীয়ে । ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে পিষ্টলসহ সক্রিয় গুলী আৰু নগদ ২ লাখ ৫৭ হাজাৰ টকা ।

মহানগৰ আৰক্ষীৰ জালত সাত দুধৰ্ষ ডকাইত
মহানগৰ আৰক্ষীৰ জালত সাত দুধৰ্ষ ডকাইত
author img

By

Published : Jan 15, 2021, 3:01 PM IST

Updated : Jan 15, 2021, 7:36 PM IST

গুৱাহাটী,১৫ জানুৱাৰী : মহানগৰীত বৃদ্ধি হৈছে অপৰাধমূলক ঘটনা । চুৰি,ডকাইতৰ লগতে বিভিন্ন ধৰণৰ ঘটনাৰ বাবে সুৰক্ষাৰ বিষয়ত চিন্তিত এতিয়া মহানগৰবাসী । কিন্তু মহানগৰবাসীয়ে এই ধৰণৰ অপৰাধ নিৰ্মূল কৰাৰ বাবে চেষ্টা অব্য়াহত ৰাখিছে । তাৰ মাজতে গুৱাহাটী আৰক্ষীৰ এক সফল অভিযান । মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত পৰিল ৭ টাকৈ দুধৰ্ষ ডকাইত ।

মহানগৰ আৰক্ষীৰ জালত সাত দুধৰ্ষ ডকাইত
মহানগৰ আৰক্ষীৰ জালত সাত দুধৰ্ষ ডকাইত

ডকাইটৰ দলটোৱে হাতীগাঁৱৰ বিষ্ণুজ্যোতি পথত ৩১ ডিচেম্বৰৰ নিশা ডকাইতৰ ঘটনা সংঘটিত কৰিছিল ৷ ডকাইতৰ দলটোৱে পিস্তল দেখুৱাই লুটি নিছিল কেইবালক্ষাধিক টকা ৷ ইয়াৰ পাছতেই ডকাইতৰ সন্ধানত অভিযান আৰম্ভ কৰিছিল হাতীগাঁও আৰক্ষীয়ে ।

হাতীগাঁও আৰক্ষীৰ তৎপৰতাত ৩১ ডিচেম্বৰৰ নিশাই এই ঘটনাৰ লগত জড়িত সুৰেন বসুমতাৰী,বিজু বসুমতাৰী, ৰামচন্দ্র নাথ আৰু ৰেকচান চৌধুৰীক আটক কৰা হৈছিল । আনহাতে বিহাৰলৈ গৈ থকা অৱস্থাত ধুবুৰীৰ পৰা বিক্রম সৰকাৰ আৰু মহানগৰীৰ বশিষ্ঠৰ পৰা সন্দীপ সিঙক আটক কৰে আৰক্ষীয়ে । লগতে ডকাইতি কাণ্ড সংঘটিত কৰি বিহাৰলৈ পলায়ন কৰা আদিত্য তিৱাৰীক বিহাৰতে আটক কৰে অসম আৰক্ষীৰ এটা দলে ।

মহানগৰ আৰক্ষীৰ জালত সাত দুধৰ্ষ ডকাইত

উল্লেখ যে ডকাইক কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে পিষ্টলসহ সক্রিয় গুলী আৰু নগদ ২ লাখ ৫৭ হাজাৰ টকা । সম্প্ৰতি হাতীগাঁও আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ডকাইতৰ দলটোক ।

লগতে পঢ়ক : লাইকা-দধিয়াবাসীৰ কাষত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

Last Updated : Jan 15, 2021, 7:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.