ETV Bharat / state

আৰ্থিক সংকটত ছবিগৃহৰ স্বত্বাধিকাৰী - মহানগৰীৰ অনুৰাধা ছবিগৃহৰ স্বত্বাধিকাৰী চিন্ময় শৰ্মা

দুমাহতকৈও অধিক সময় জুৰি বন্ধ হৈ আছে ছবিগৃহসমূহ ৷ ফলত ভীষণ আৰ্থিক সংকটৰ সন্মুখীন হৈছে ছবিগৃহৰ স্বত্বাধিকাৰীসকল ৷ আহকচোন শুনো, এই সন্দৰ্ভত কি ক'লে মহানগৰীৰ অনুৰাধা ছবিগৃহৰ স্বত্বাধিকাৰী চিন্ময় শৰ্মাই...

ghy-cinema-hall-owner-on-fifth-phase-of-lock-down
আৰ্থিক সংকটত ছবিগৃহৰ স্বত্বাধিকাৰী
author img

By

Published : Jun 2, 2020, 8:26 PM IST

গুৱাহাটী,2 জুনঃ সমগ্ৰ বিশ্ব এতিয়া সন্মুখীন হৈছে অৰ্থনৈতিক সংকটৰ। দেশত বৰ্তমান চলি আছে পঞ্চম পৰ্যায়ৰ লক ডাউন। বৰ্তমান লক ডাউনত কিছু শিথিলতা অহাৰ বাবেই পঞ্চম পৰ্যায়ৰ লক ডাউনৰ সন্ধিক্ষণত বৰ্তমান স্বাভাৱিক জীৱনলৈ গতি কৰিছে সকলো পৰিস্থিতি। যদিও পঞ্চম লক ডাউনত সকলো প্ৰতিস্থাপন,দোকান বজাৰ খুলি দিছে তথাপি দেশৰ লগতে ৰাজ্যত প্ৰতিদিনে ক'ৰণা ভাইৰাছ ৰোগীৰ সংখ্যা বাঢ়ি অহা পৰিলক্ষিত হৈছে। এনে এক জটিল সন্ধিক্ষণত অৰ্থনৈতিক ব্যৱস্থা সুস্থিৰ কৰিবলৈ যদিও প্ৰায় সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠান খুলি দিছে তথাপি শিক্ষা প্ৰতিষ্ঠান,জিম,ছবি গৃহ সমূহ বৰ্তমানলৈকে খোলাৰ অনুমতি প্ৰদান কৰা নাই চৰকাৰে । যাৰ ফলত ব্যাপক ভাৱে অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে ছবি জগত আৰু ছবি গৃহৰ মালিক,কৰ্মচাৰী সকল। যদি ছবি গৃহ সমূহৰ আয় চাবলৈ হয় তেন্তে 2019 চনৰ সমীক্ষা অনুসৰি ছবিগৃহ সমূহে ছবি অনুযায়ী লগতে আসনৰ ওপৰত ভিত্তি কৰি একোটাকৈ দৰ্শনীত 30 হাজাৰ টকা উপাৰ্জন কৰে । গতিকে এনে ক্ষেত্ৰত বৃহৎ পৰিমাণৰ টকাৰ মুনাফা আৰু উপাৰ্জন থকা এই ছবি উদ্যোগ প্ৰায় তিনি মাহ জোৰা বন্ধ হৈ আছে যাৰ ফলত অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হৈছে মালিক পক্ষ।

আৰ্থিক সংকটত ছবিগৃহৰ স্বত্বাধিকাৰী
মহানগৰীৰ জনপ্ৰিয় ছবি গৃহৰ স্বত্বাধিকাৰী চিন্ময় শৰ্মাই জানিবলৈ দিয়া অনুসৰি বৃহৎ সমস্যা আৰু লোকচানৰ সম্মুখীন হৈছে ছবি উদ্যোগৰ লগতে ছবিগৃহ সমূহ। তিনিমাহ সময়ৰ লক ডাউন হৈ থকাৰ ফলত ছবিগৃহ সমূহে অৰ্থনৈতিক দিশত বৃহৎ পৰিমাণে লোকচানৰ সন্মুখীন হ'ব লগা হৈছে। আনহাতে সকলো খণ্ডত কিছু শিথিলতা চৰকাৰে আনিলেও বৰ্তমানেও ছবি উদ্যোগ আৰু ছবিগৃহ সমূহৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ ফলত অনিশ্চয়তাত ভুগিছে ছবি গৃহসমূহৰ স্বত্বাধিকাৰী সকল।

আনহাতে বৰ্তমান তিনিমাহ সময় ছবিগৃহ সমূহ বন্ধ হৈ থাকিলেও বিদ্যুৎ বিভাগৰ পৰা পূৰ্বৰ নিৰ্ধাৰিত মাছুলৰ ভিত্তিতে বিল প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে স্বত্বাধিকাৰী গৰাকীয়ে ৷ বৰ্তমান ছবিগৃহৰ স্বত্বাধিকাৰী সকলে দৰ্শকৰ বাবে সোনকালে ছবিগৃহ সমূহ মুকলি কৰি দিয়াৰ বাবে চৰকাৰক অনুৰোধ কৰিছে। কিন্তু এনে এক সন্ধিক্ষণত ছবিগৃহ সমূহ খুলি দিয়াটো কিমান দূৰ যুক্তিসংগত অথবা অনুমতিৰ পিছত ছবিগৃহ সমূহে সকলো নিৰ্দেশনা মানি চলিব নে সেই সকলো কথা এতিয়া অনিশ্চয়তাৰ মাজত।

উল্লেখ্য যে,বৰ্তমান বহু কেইখন অসমীয়া ছবিৰ মুক্তিৰ বাবে সাজু হৈ আছে গতিকে ৰাজ্যত প্ৰথম ইংৰাজী অথবা হিন্দী ছবিয়ে প্ৰাধান্য পোৱাটোতকৈ অসমীয়া ছবিয়ে প্ৰাধান্য পাব নে সেই বিষয় এতিয়া চৰ্চিত হৈছে বিভিন্ন মহলত ৷

লগতে পঢ়কঃস্তব্ধ ছবি জগত! গভীৰ সংকটত শিল্পী,কলা-কুশলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.