ETV Bharat / state

এইখন থানাইনে !! পানীৰ ওপৰত টেবুল, টেবুলৰ ওপৰত চকী

author img

By

Published : May 25, 2022, 8:09 PM IST

স্মাৰ্ট চিটি গুৱাহাটীৰ প্ৰকৃত ছবিখন এইবাৰ দাঙি ধৰিলে গীতানগৰ থানাই ৷ এজাক বৰষুণতেই থানাখনৰ আৰক্ষী জোৱানসকলে হাতে হাতে বাল্টি, মগ, চৰিয়া ল’বলৈ বাধ্য হ’ল (Geetanagar Police Station) ৷ থানাৰ ভিতৰ নহয়, যেন বাৰিষাৰ পথাৰহে ৷

Geetanagar Police Station
এইখন থানাইনে !! পানীৰ ওপৰত টেবুল, টেবুলৰ ওপৰত চকী

গুৱাহাটী, 25 মে’: মেট্ৰ' চিটি হ'বলৈ আগবঢ়া এখন মহানগৰৰ পয়ালগা অৱস্থা দৃশ্য ৷ এজাক বৰষুণতেই ডুব গ’ল মহানগৰী ৷ ৰাজ্য চৰকাৰৰ গৃহ বিভাগে অসম আৰক্ষীক আধুনিকীকৰণৰ উদ্দেশ্যে মৈত্ৰী আঁচনি ৰূপায়ন কৰিছে যদিও এই আঁচনিয়ে ঢুকি নোপোৱাৰ বাবে মহানগৰীৰ কেইবাখনো থানাৰ অৱস্থা এতিয়াও শোচনীয় হৈয়ে আছে ।

ৰাজধানী দিছপুৰৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান নিলগৰ গীতানগৰ থানাৰ(Geetanagar Police Station) কদর্যময় অৱস্থা দেখিলে আপোনাৰো চকু কঁপালত উঠিব । ইয়াৰ পূৰ্বেও সাধাৰণ এজাক বৰষুণতে থানাখনৰ ভিতৰত একাঁঠু পর্যন্ত পানী হৈ কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰিছিল (Poor condition police station in Guwahati)৷

ইয়াৰোপৰি দীৰ্ঘদিন ধৰি ভাড়াঘৰত থকা থানাখনৰ দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰৰ গৃহ বিভাগে । চৰকাৰৰ চৰম অমনোযোগিতাৰ বাবে বিশেষকৈ বাৰিষাৰ সময়ছোৱাত এজাক বৰষুণতে সৃষ্টি হোৱা পৰিৱেশৰ মাজতে কর্তব্য সম্পাদন কৰিবলগীয়া হয় থানাখনৰ আৰক্ষী বিষয়া-জোৱানসকলে ।

সম্প্ৰতি মুষলধাৰ বৰষুণৰ পিচতে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে থানা চৌহদতো অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় । থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াৰ কোঠা, অফিচ ষ্টাফ, আচামী ৰখা লকআপ পৰ্যন্ত বুৰ যায় ৷ ইয়াৰোপৰি থানাৰ চকী-মেজৰ লগতে গুৰুত্বপূর্ণ নথি, মাৰাণাস্ত্ৰ আদি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলগীয়া হয় । কৰ্তব্যৰত আৰক্ষীসকলে ভোকে-পিয়াহে পুৱাৰে পৰা দুপৰীয়ালৈ হাতত বাল্টি, মগ, চৰিয়া লৈ পানী সিঁচি থানাৰ পৰা পানী উলিয়াবলৈ প্ৰয়াস কৰে (Flood at Geetanagar Police Station)৷

লগতে পঢ়ক: আলফা প্ৰসংগত পুনৰ সৰৱ ডিজিপি ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.