গুৱাহাটী, ২৮ ছেপ্টেম্বৰ : ন্যায়ালয়ৰ মজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শর্মাৰ ১০ কোটি টকাৰ ৰাজসাহায্য বিতৰ্ক ৷ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা অনুসৰি কেন্দ্রীয় চৰকাৰৰ আঁচনিৰ ১০ কোটি টকা ৰাজসাহায্য লাভ কৰাৰ প্ৰসংগত ৰাজহুৱা কোনো মন্তব্য দিব নোৱাৰিব কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে । এই নিৰ্দেশ কামৰূপ মহানগৰ জিলা দেৱানী আদালতৰ ৷
কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ১০ কোটি টকাৰ মানহানিৰ এক গোচৰ ৰুজু কৰিছিল ৷ এই গোচৰৰ শুনানি গ্ৰহণ কৰি বুধবাৰে গৌৰৱ গগৈক মুখ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰে কামৰূপ মহানগৰ জিলা দেৱানী আদালতে ।
উল্লেখ্য যে কেন্দ্রীয় খাদ্য সংসাধন আৰু উদ্যোগ মন্ত্ৰণালয়ৰ পৰা প্রধানমন্ত্রী কিষাণ সম্পদ যোজনা আঁচনিৰ ১০ কোটি টকা ৰাজসাহায্য ৰিণিকি ভূঞা শর্মাই লাভ কৰা বুলি ৰাজহুৱা অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে । তথ্য হিচাপে গৌৰৱ গগৈয়ে দাঙি ধৰিছিল কেন্দ্রীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্রী পীয়ুষ গোৱেলে সাংসদত দাখিল কৰা এক তালিকা ৷
তালিকাখন আছিল প্ৰধানমন্ত্রী কিষাণ সম্পদ যোজনাৰ ৰাজসাহায্য লাভ কৰা হিতাধিকাৰীৰ তালিকা । য'ত ১০ কোটি টকা ৰাজসাহায্যৰ অনুমোদন লাভ কৰা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ মুৰব্বী ৰিণিকি ভূঞা শৰ্মাৰ নামো আছিল ৷
গৌৰৱ গগৈয়ে ৰিণিকি ভূঞা শৰ্মাৰ নাম উল্লেখিত তালিকাখন টুইটাৰত আপলোড কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল । কেৱল টুইটাৰতেই নহয় এই প্ৰসংগ লৈ সংবাদ মাধ্যমতো মুখ্যমন্ত্ৰীক সমালোচনা কৰি ভাষ্য প্ৰদান কৰিছিল । ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীৰ ৰাজসাহায্য বিতৰ্কই ৷
ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী আৰু ৰিণিকি ভূঞা শৰ্মাইয়ো কেন্দ্ৰৰ পৰা ৰাজসাহায্যৰ কোনো ধন লাভ কৰা নাই বুলি স্পষ্টীকৰণ আগবঢ়াইছিল ৷ লগতে সাংসদ গৌৰৱ গগৈৰ অভিযোগকো অস্বীকাৰ কৰিছিল । সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ২২ ছেপ্টেম্বৰত কামৰূপ মহানগৰ জিলা দেৱানী আদালতত ১০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে ৰিণিকি ভূঞা শৰ্মাই ।
বুধবাৰে গোচৰটোৰ শুনানি গ্ৰহণ কৰি দেৱানী আদালতে ৰিণিকি ভূঞা শৰ্মাই ১০ কোটি টকা ৰাজসাহায্য লোৱা প্ৰসংগত সাংসদ গৌৰৱ গগৈক ৰাজহুৱা বক্তব্য প্ৰদানত বাধা আৰোপ কৰে । কেৱল সেয়ে নহয় আদালতে লগতে টুইটাৰতো সাংসদজনক এই বিষয়টোৰ লগত সম্পৰ্ক থকা কোনো নথি আপলোড কৰিব নোৱাৰিব বুলিও নিৰ্দেশনা দিয়ে । তদুপৰি এই নিৰ্দেশনা কিয় বাহাল ৰখা নহ'ব সেই সন্দৰ্ভত গৌৰৱ গগৈক কাৰণ দর্শাবলৈয়ো কয় আদালতে । উক্ত দিনটোত সাংসদ গৌৰৱ গগৈক আদালতত সোঁ-শৰীৰে হাজিৰৰ স্থিতি স্পষ্ট কৰাৰ বাবেও নিৰ্দেশ দেৱানী আদালতৰ ৷ অহা ৯ নৱেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে ৷