নিউজ ডেস্ক, 15 জুলাই : মানৱ অংগ সৰবাহৰৰ ঘটনাক লৈ ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ ইতিমধ্যে মানৱ অংগ সৰবাৰহৰ লগত জড়িত কেইবাজনো ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে পোহৰলৈ আহিছে বহু কেইটা বিস্ফোৰক তথ্য ৷ ইতিমধ্যে এই সৰবৰাহৰ ঘটনাৰ লগত কলকাতাৰ Rabindranath Tagore International Institute of Cardiac Sciences জড়িত থকা তথ্য প্ৰকাশ পাইছে ৷
এই ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মানৱ অংগ সৰবৰাহৰ লগত জড়িত বৃহৎ চক্ৰটোৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত চলাবলৈ দাবী উত্থাপন কৰিছে লোকসভাৰ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে ৷ সাংসদ গগৈয়ে ইতিমধ্যে ইয়াৰ এক তদন্তৰ বিচাৰি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলে পত্ৰ প্ৰেৰণ কৰে ৷ পত্ৰখনত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰা দেখা গৈছে সাংসদ গৌৰৱ গগৈক ৷
সাংসদ গৰাকীয়ে পত্ৰখনত উল্লেখ কৰা অনুসৰি, মানৱ অংগ সৰবৰাহৰ চক্ৰটোৰ জালত পৰিছে অসমৰ চৰা অঞ্চলৰ বহু দৰিদ্ৰ লোক ৷ অৰ্থনৈতিকভাৱে দুৰ্বল তথা আৰ্থিক সংকটে জুৰুলা কৰা গাঁও অঞ্চলৰ লোকক লক্ষ্য কৰি লৈছে মানৱ অংগ সৰবৰাহৰ লগত জড়িত চক্ৰটোৱে ৷
চক্ৰটোৱে এটা বৃক্ক (kidney) দানৰ বিপৰীতে চৰা অঞ্চলৰ লোকসকলক প্ৰদান কৰিছে 3 ৰ পৰা 4 লাখ টকা ৷ বিশেষকৈ kidney সৰবাৰহৰ চক্ৰটোৰ সৈতে কলকাতাৰ এটা বৃহৎ চক্ৰৰ যোগাযোগ তথা জড়িত থকাৰ তথ্য ইতিমধ্যে প্ৰকাশ পাইছে ৷ প্ৰাপ্ত তথ্য মতে মানৱ অংগ সৰবৰাহৰ কাৰ্য সম্পাদন হৈছিল কলকাতাৰ Rabindranath Tagore International Institute of Cardiac Sciences ত ৷
এই কথা উল্লেখ কৰি সাংসদ গৌৰৱ গগৈয়ে কলকাতাৰ মানৱ অংগ সৰবৰাহকাৰী বৃহৎ চক্ৰটোৰ লগতে চিকিৎসা প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে নিৰপেক্ষ এক তদন্ত কৰিবলৈ বংগৰ মুখ্যমন্ত্ৰী গৰাকীক আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰে ৷ বিশেষকৈ পত্ৰ জৰিয়তে Rabindranath Tagore International Institute of Cardiac Sciences বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিবলৈ বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীত অনুৰোধ জনাইছে সংসদ গগৈয়ে ৷
লগতে পঢ়ক: কিয় আকৌ বিতৰ্কলৈ আহিল পৰেশ বৰুৱা ?