ETV Bharat / state

অনলাইন পাঠদানৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহয় ! - বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ প্ৰেৰণ

অনলাইন যোগে জুন মাহত পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহয় ৷ পৰীক্ষাৰ আগত কিছুদিনৰ বাবে হলেও শ্ৰেণীকোঠাত পাঠদান কৰাৰ পোষকতা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই ৷ মংগলবাৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে স্নাতকোত্তৰ ছাত্ৰ সন্থাই ৷

Gauhati University students union aginst online exm
অনলাইন পাঠদানৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহয়ঃ স্নাতকোত্তৰ ছাত্ৰ সন্থা
author img

By

Published : May 12, 2020, 6:40 PM IST

গুৱাহাটী, 12 মে' : লক্ ডাউনৰ বাবে বিগত দুমাহ ধৰি বন্ধ হৈ আছে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান ৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি শিক্ষানুষ্ঠান সমূহত অনলাইন পাঠদান অব্যাহত ৰাখিছে যদিও সেই ব্যৱস্থাই সামৰি ল'ব পৰা নাই ৰাজ্যৰ ভিতৰুৱা অঞ্চলৰ বহুবোৰ শিক্ষাৰ্থীক ৷

তেনেক্ষেত্ৰত অনলাইন মাধ্যমৰ জৰিয়তে পাঠদান কৰি আগন্তুক জুন মাহৰ ভিতৰত পৰীক্ষা দিয়াটো ছাত্ৰ-ছাত্ৰীৰ বাবে সম্ভৱপৰ নহয় ৷ জুন মাহত অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষাক বিৰোধিতা কৰি মংগলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ প্ৰেৰণ কৰে ৷

অনলাইন পাঠদানৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহয়ঃ স্নাতকোত্তৰ ছাত্ৰ সন্থা

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে জনোৱা অনুসৰি, পৰীক্ষা অনুষ্ঠিত কৰাৰ আগতে দুমাহৰ বাবে হলেও ক্লাছ ৰুম পাঠদান কৰাৰ বাবে দাবী জনাইছে ৷ লগতে তেজপুৰ বিশ্ববিদ্যালয় আৰু কাজিৰঙা বিশ্ববিদ্যালয়ৰ নিচিনাকৈ গুৱাহাটী বিশ্ববিদ্যালয়ত কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন নকৰিবলৈ স্মাৰকযোগে দাবী জনাই স্নাতকোত্তৰ ছাত্ৰ সন্থাই ।

লগতে পঢ়ক : বাৰিষাৰ পূৰ্বেই চপৰা চপৰে খহিছে বেকী নৈৰ গৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.