গুৱাহাটী, 20আগষ্টঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১নং দুমহলীয়া মাধৱ বেজবৰুৱা ছাত্ৰাবাসৰ ন-পুৰণি ছাত্ৰ সন্মিলন অনুষ্ঠানৰ প্ৰস্তুতিৰ বাবে ব্যস্ত হৈ পৰিছে আৱাসটোৰ ন-পুৰণি আৱাসীসকল। অহা 24 আগষ্টৰ পৰা দুদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই ন-পুৰণি ছাত্ৰ সন্মিলনখন। এই সন্মিলনৰ উপলক্ষে কেইবাটাও উল্লেখনীয় পদক্ষেপ হাতত লৈছে আৱাসীসকলে। উল্লেখ্য যে ছাত্ৰাবাসটোৰ চৌহদত প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমানৰ আবাসীসকলে নিৰ্মাণ কৰিব মাধৱ বেজবৰুৱাৰ এটি প্ৰতিমূৰ্তি । লগতে এই ছাত্ৰাবাসত থাকি অধ্যয়ন কৰি যোৱা প্ৰাক্তন ছাত্ৰসকলে এটা ট্ৰাষ্ট খুলি বিশ্ববিদ্যালয়ৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক আৰ্থিক সহায় আগবঢ়াব বুলি জনাই প্ৰাক্তন ছাত্ৰই। ইয়াৰোপৰি প্ৰাক্তন ছাত্ৰসকলে নিজৰ ধনেৰে মাধৱ বেজবৰুৱা ছাত্ৰাবাসত নিৰ্মাণ কৰিব এটা আধুনিক পুথিভঁৰাল।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১নং ছাত্ৰাবাসত হ'ব মাধৱ বেজবৰুৱাৰ প্ৰতিমূৰ্তি - আধুনিক পুথিভঁৰাল
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১নং ছাত্ৰাবাসত হ'ব মাধৱ বেজবৰুৱাৰ প্ৰতিমূৰ্তি ৷ অহা 24 আগষ্টৰ পৰা দুদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ন-পুৰণি ছাত্ৰ সন্মিলন ।