গুৱাহাটী, ১৫ জুলাই: সৰ্বভাৰতীয় পৰ্যায়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাফল্য । NIRF ৰেংকিঙত ৩৬ নম্বৰ স্থানত গুৱাহাটী বিশ্ববিদ্যালয় (NIRF Rank Gauhati University)। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে প্ৰতিবছৰে প্ৰকাশ কৰে শিক্ষানুষ্ঠানৰ ৰেংকিং তালিকা ।
শিক্ষানুষ্ঠানসমূহৰ সামগ্ৰিক শৈক্ষিক মাপকাঠিৰ ভিত্তিত দিয়া হয় এই ৰেংকিং । এই বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈয়ে(Gauhati university VC) সংবাদ মাধ্যমৰ আগত কয় যে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে প্ৰতিবছৰে প্ৰকাশ কৰে শিক্ষানুষ্ঠানৰ ৰেংকিং তালিকা । এইবাৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়, আই আই টিকে ধৰি মুঠ ৭২৫৪ খন শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰিছিল । পাঁচটা মূল বিষয়ৰ ওপৰত গুৰুত্ব দি মূল্যায়ন কৰা হয় ।
ইয়াৰ ভিতৰত ৫০.৫২ পইন্ট লাভেৰে দেশৰ বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ৩৬ নং স্থানত দখল কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে । মন কৰিবলগীয়া যে বিগত বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয় আছিল ৪৫ স্থানত । তদুপৰি উত্তৰ-পূৱৰ বিশ্ববিদ্যালয়ৰ তালিকাত শীৰ্ষস্থান লাভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে । মুঠ ৭২৫৪ খন শিক্ষানুষ্ঠানৰ ভিতৰত ৬৪ স্থান লাভ কৰিছে বিশ্ববিদ্যালয়খনে ৷ শিক্ষানুষ্ঠানখনৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু কৰ্তৃপক্ষ ।
বিশ্ববিদ্যালয়ৰ ৰেংক তালিকাৰ প্ৰথম স্থানত আছে বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অব চায়েন্স । দ্বিতীয় স্থানত জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয় আৰু তৃতীয় স্থানত আছে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয় । ৫৯ সংখ্যক স্থানত আছে তেজপুৰ বিশ্ববিদ্যালয় (Tezpur university NIRF rank)।
লগতে পঢ়ক: ছেবাৰ খেলিমেলি : ষষ্ঠ স্থান লাভেৰে কষ্টৰ ফল পালে প্ৰাৰ্থনাই